Lovelina and Jamuna come back to Asaam

09:37 AM Oct 22, 2019 | G Plus News

২২ অক্টোবৰ, গুৱাহাটী : গৃহ ভূমিত উপস্থিত হ’ল বক্সাৰ যমুনা বড়ো আৰু লাভলিনা বুঢ়াগোঁহাই। বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক জয় কৰি গৃহ ভূমিত পদাৰ্পণ কৰিলে বক্সাৰ যমুনা বড়ো আৰু লাভলীনা বুঢ়াগোহাঁই।


শেহতীয়াকৈ ৰাছিয়াত অনুষ্ঠিত হোৱা বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপত মেৰী কমৰ লগে লগে  ফাইনেল ৰাউণ্ডলৈ প্ৰৱেশ কৰিছিল দুয়োগৰাকী অসম কন্যাই। ভাৰত তথা অসমলৈ গৌৰৱ কঢ়িয়াই অনা দুয়োগৰাকী খেলুৱৈক বৰঝাৰ বিমান বন্দৰত সহস্ৰধিক অনুৰাগীয়ে উষ্ম আদৰনি জনায়।

দুয়োগৰাকী খেলুৱৈক ফুলৰ মালা গামোচা জাপি আদিৰে  অনুৰাগীসকলে আদৰনি জনায়।পোন প্ৰথমবাৰৰ বাবে দুয়োগৰাকী খেলুৱৈয়ে বিশ্ব মহিলা বক্সিংশ্বিপত অংশগ্ৰহণ কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনে।