+

Jahnu Baruah withdraws his film from State film awards

১০ ডিচেম্বৰ, গুৱাহাটী - জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত ৰাজ্যৰ শিল্পী সমাজৰ। জনপ্ৰিয় ছবি পৰচালক জাহ্নু বৰুৱাই কেবৰ বিৰোধিতা কৰি ৰাজ্যিক চলচ্চিত্ৰ বঁটাৰ পৰা নিজ ছবিৰ নাম প্ৰত্যাহাৰ কৰে। ৰাজ্যিক চলচ্চিত্ৰ বঁটালৈ মনোনীত হোৱা ২০১৮ বৰ্ষত মুক্তি পোৱা ভগা খিৰিকী নাম প্ৰত্যাহাৰ কৰিলে পৰিচালকগৰাকীয়ে। 

আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন্ পৰিচালক বৰুৱাই সংবাদমাধ্যমক জনায় - এয়া অতি দুৰ্ভাগ্যজনক। এগৰাকী শিল্পী আৰু অসমীয়া হিচাপে মই আঘাত পাইছো। এই বিধেয়কৰ বিৰোধিতা কৰি মই ৰাজ্যিক চলচ্চিত্ৰ বঁটা অনুষ্ঠানত অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো।   

facebook twitter