+

Indian Rheumatology Association's 34th Annual Conference kicks off

গুৱাহাটী - গুৱাহাটী বৰঝাৰস্থিত হোটেল কিৰশ্ৰী গ্ৰেণ্ডত কালিৰে পৰা আৰম্ভ হৈছে ইণ্ডিয়ান ৰিউমেট’ল’জী এছোচিয়েচনৰ ৩৪ সংখ্যক বাৰ্ষিক সন্মিলন। তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা এই সন্মিলনৰ আৰম্ভণি অনুষ্ঠানত আই এৰ সভাপতি' সম্পাদক স্বপন পাণ্ডিয়া, এছ’চিয়েশ্যনৰ নৱনিযুক্ত সভাপতি ছাৰ্লচ কিং, বিধায়ক ডঃ ৰণোজ পেগু, অধ্যাপক ছৈয়দ আতিকুল হক, আদৰণি সমিতিৰ সভাপতি সঞ্জীৱ কাকতী আৰু সম্পাদক প্ৰদীপ শৰ্মাকে ধৰি ভালেসংখ্যক কৰ্মকৰ্তা উপস্থিত থাকে।

উল্লেখ্য যে এই সন্মিলনত দেশ-বিদেশৰ প্ৰায় এহেজাৰ চিকিৎসা প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছে। আনহাতে সন্মিলনত ৰিউমেট’ল’জী সংক্ৰান্তীয় বিভিন্ন বিষয়ৰ লগতে বিশেষকৈ বাট বিষ সম্বন্ধীয় একাধিক আলোচনাচক্ৰও অনুষ্ঠিত হ’ব। অহা ৯ ডিচেম্বৰত সন্মিলনখনৰ সামৰণি 
পৰিব।

{{bjhAbJRfbTy1zyy7Fafm}}

facebook twitter