Hydarabad registers first case of corona virus

09:46 AM Mar 03, 2020 | G Plus News

৩ মাৰ্চ, গুৱাহাটী : এইবাৰ ভাৰতত কৰ’না ভাইৰাছৰ সন্ত্ৰাস। দিল্লী আৰু তেলেংগানাৰ পাছতে হায়দৰাবাদক চিনাক্ত কৰা হৈছে মাৰাত্মক ভাইৰাছবিধক আক্ৰান্ত ৰোগী। 

কালি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে ঘোষণা কৰা অনুসৰি দিল্লীত এগৰাকী আৰু তেলেংগানাত এগৰাকী কৰ’না ভাইৰাছত আক্ৰান্ত ৰোগী। দিল্লীৰ ৰোগীগৰাকীয়ে ইটালীৰ পৰা ভ্ৰমণ কৰি আহি আছিল, আনহাতে তেলেংগানাৰ ৰোগীগৰাকীয়ে ডুবাইৰ পৰা ভাৰতত প্ৰৱেশ কৰিছিল।

শেহতীয়াকৈ ভাৰতত ৫ টাকৈ কৰ’না ভাইৰাছত আক্ৰান্ত ঘটনা পোহৰলৈ আহে। জানিব পৰা মতে হায়দৰাবাদৰ লোকগৰাকীয়ে কিছু দিনৰ পূৰ্বে ডুবাইৰ পৰা ভাৰতলৈ আহিছিল। 

ইতিমধ্যে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে কেবাখনো ৰাষ্ট্ৰৰ লগত ভ্ৰমণত নিষেধাজ্ঞা আৰোপ কৰিছে। এতিয়ালৈ সমগ্ৰ বিশ্বজুৰি মুঠ ৬০ খন ৰাষ্ট্ৰত এই ভাইৰাছত মৃত্যু হোৱা ৰোগীৰ সংখ্যা ৩০০০ হাজাৰলৈ বৃদ্ধি পাইছে।

সম্প্ৰতি ব্যক্তিগৰাকীক স্বাস্থ্য সন্দৰ্ভত প্ৰয়োজনীয় সকলো ধৰণৰ পৰীক্ষা নিৰীক্ষা চলাই আছে।