Hussain Sahjahan presented in NIA today

08:27 AM Jan 31, 2020 | G Plus News

৩১ জানুৱাৰী, গুৱাহাটী : এইবাৰ নিয়াৰ ৰোষত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা হুছেইন মহম্মদ ছাহজাহান। ইতিমধ্যে কা আন্দোলনৰ মাজতেই অখিল গগৈ, বিতু সোণোৱাল, ধৈৰ্য্য কোঁৱৰক যোৰহাট আৰক্ষীয়ে আটক কৰিছিল।  আজি পুৱা ১০ বজাৰ পৰা সোণাপুৰৰ নিয়া কাৰ্যালয়ত সোধ-পোছ চলাই থকা হৈছে কৃষক মুক্তিৰ নেতাজনক ।

যোৱা ২৫ জানুৱাৰীত নিয়াই জাননী জাৰি কৰি ছাহজাহানক নিয়া কাৰ্যালয়ত উপস্থিত হবলৈ নিৰ্দেশ দিছিল। ইয়াৰ পাছতে আজি নিয়াৰ কাৰ্যালয়ত উপস্থিত হয় নেতাগৰাকী। 

শেহতীয়াকৈ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্যকৰী সভাপতি মানস কোঁৱৰক নিয়াই জিম্মাত লয়।