Himanta Biswa Sharma speaks about CAA in Jagiroad 

08:47 AM Dec 27, 2019 | G Plus News

২৭ ডিচেম্বৰ, গুৱাহাটী : “আমি মানুহক কেতিয়াও প্ৰবঞ্চনা নকৰোঁ। সেইখন অসম মই অসমীয়াক দিব নিবিচাৰোঁ। তাৰ কাৰণে যদি মই দেশদ্ৰোহী হয় তেনেহ’লে মই দেশদ্ৰোহী হ’বলৈও সাজু।’- হিমন্ত বিশ্ব শৰ্মা। আজি জাগীৰোডত অনুষ্ঠিত বিজেপিৰ শান্তি সমদলত অংশগ্ৰহণ কৰি ৰাজ্যৰ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কা ৰ সন্দৰ্ভত মত প্ৰকাশ কৰে।

মন্ত্ৰীগৰাকীয়ে কয়-“কেবত কৈছে ২০১৪ চনত বাজ্যখনত অহা হিন্দুসকলক নাগৰিকত্ব প্ৰদান কৰা হ’ব। কিয়নো ২০১৪ চনত ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী প্ৰধান মন্ত্ৰী হ’ল। ২০১৪ চনৰ পাছৰ পৰা সীমান্তই দি কোনো এটা পৰুৱাও সোমাব পৰা নাই।”

“কংগ্ৰেছৰ কাৰণেই আমি এই দায়িত্ব মূৰ পাতি ল’বলগীয়া হৈছে। কংগ্ৰেছে কৰা পাপৰ বাবে অসমত কেব আনিবলগা হৈছে। ইতিমধ্যে তাৰ মাজৰ কিছুমান এতিয়া বিধায়কো হৈছে।” কংগ্ৰেছ দলক তীব্ৰ গৰিহনা দিয়ে মন্ত্ৰীগৰাকীয়ে। কা বিৰোধী প্ৰতিবাদৰ সমান্তৰালকে বিজেপি দলেও ৰাজ্যজুৰি শান্তি সমদল অব্যাহত ৰাখিছে।