+

Guwahati Journalist Naresh passes away

০৯ ডিচেম্বৰ, গুৱাহাটী - পুনৰ অচিনাক্ত দুৰ্বৃত্তৰ আক্ৰমণত প্ৰাণ হেৰুৱালে উত্তৰ-পূৱৰ আন এগৰাকী বিশিষ্ট সাংবাদিকে! আজি পুৱা গুৱাহাটীৰ এখন ব্যক্তিগত চিকিত্সালয়ত শেষ নিশ্বাস ত্যাগ কৰে টাইমছ অৱ ইণ্ডিয়াৰ গুৱাহাটীস্থিত জ্যেষ্ঠ সাংবাদিক নৰেশ মিত্ৰই।

উল্লেখ্য যে বিগত ২২ নৱেম্বৰৰ নিশা কৰ্তব্য সম্পন্ন কৰি ঘৰলৈ নিজৰ চাইকেলযোগে ঘৰলৈ উভতি গৈ থকা অৱস্থাতে ৰাজপথত আহত হৈ পৰি থকা অৱস্থাত উদ্ধাৰ কৰিছিল ভঙাগড় আৰক্ষীয়ে।

ইয়াৰ পিছতেই আৰক্ষীৰ সহযোগত কোনো অচিনাক্ত লোকেই গুৱাহাটী মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰাইছিল জ্যেষ্ঠ সাংবাদিকগৰাকীক। স্মৰ্তব্য যে প্ৰয়াত সাংবাদিক মিত্ৰই মূৰত গুৰুতৰ আঘাত পাইছিল আৰু প্ৰচুৰ ৰক্তক্ষৰণ হৈছিল। অৱশ্যে পিছলৈ উন্নত চিকিত্সাৰ বাবে পৰিয়ালৰ লোকে নেমকেয়াৰ হাস্পতাললৈ স্থানান্তৰ কৰে মিত্ৰক।

প্ৰথমাৱস্থাত সাংবাদিক মিত্ৰৰ দেহত চেতনা আছিল যদিও পিছলৈ চেতনা নাইকিয়া হৈ পৰিছিল মিত্ৰৰ দেহত। প্ৰাথমিক অৱস্থাত এয়া দুৰ্ঘটনা বুলিয়েই অনুমান কৰা হৈছিল যদিও অস্ত্ৰোপচাৰ সম্পন্ন কৰাৰ পিছত চিকিত্সকে এয়া কোনো আক্ৰমণৰ ঘটনাৰ ফলতেই হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছিল, যিয়ে সমগ্ৰ ঘটনাটোকেই ৰহস্যৰ আৱৰ্তলৈ ঠেলি দিছে। বিগত কেবাদিনো ধৰি ভেণ্টিলেশ্যনত ৰখাৰ পিছত আজি পুৱা শেষ নিশ্বাস ত্যাগ কৰে মিত্ৰই। 

মিত্ৰৰ মৃত্যত সমগ্ৰ সাংবাদিক মহল শোকস্তব্ধ হৈ পৰিছে। উল্লেখ্য যে মৃত্যুৰ সময়ত সাংবাদিকগৰাকীয়ে পত্নী আৰু এগৰাকী কণমানি কন্য়া সন্তান এৰি গৈছে।

facebook twitter