+

Guwahati girl drowns while taking selfie

১৭ অক্টোবৰ, গুৱাহাটী : ছেলফি তুলিবলৈ গৈ পানীত পৰি সন্ধানহীন মহানগৰীৰ এগৰাকী যুৱতী। প্ৰাপ্ত খবৰ অনুসৰি প্ৰিয়ংকা আৰু কোমল নামৰ দুই যুৱতীয়ে হিমাচল প্ৰদেশত ভ্ৰমণৰ বাবে গৈছিল। এই আনন্দ উল্লাসতে  যুৱতী দুগৰাকীয়ে হিমাচল প্ৰদেশৰ কাছলৰ পাৰ্বতী নদীত ছেলফি তুলিবলৈ যাওঁতেই নদীত পিছলি  পৰে।

এই ঘটনাৰ পাছতেই স্থানীয় কেইজনমান লোকে কোমলক উদ্ধাৰ কৰে। কিন্তু প্ৰিয়ংকা (২৬) নামৰ যুৱতীগৰাকীক সন্ধানহীন হৈ আছে। সন্ধানহীন প্ৰিয়ংকাক বিচাৰি সম্প্ৰতি অভিযান ৰাখিছে উদ্ধাৰকাৰী দলে।

facebook twitter