+

Ganja seized at Guwahati

১৮ ডিচেম্বৰ, গুৱাহাটী - গুৱাহাটী ৰে'ল ষ্টেচনত পুনৰ গাঞ্জা জব্দ। জি আৰ পি এছ বাহিনীয়ে আজি পুৱা ১২৪৩২ নং নামনিমুৱা ৰাজধানী এক্সপ্ৰেছত অভিযান চলাই জব্দ কৰে ১০ কে.জি ওজনৰ গাঞ্জাখিনি।

ডিমাপুৰৰ পৰা কানপুৰলৈ সৰবৰাহৰ বাবে গাঞ্জাখিনি লৈ গৈ থকা হৈছিল বুলি জনাইছে ৰে’ল আৰক্ষীয়ে। গাঞ্জাখিনিৰ লগতে গ্ৰেপ্তাৰ কৰিছে সুধাংশু কুমাৰ আৰু ৰমেশ কুমাৰ নামৰ দুজন লোকক। বৰ্তমানে ৰেল আৰক্ষীয়ে এন ডি পি এচ আইনৰ অধীনত গোচৰ ৰুজু কৰি অভিযুক্ত লোক দুজনক সোধা-পোছা অব্যাহত ৰাখিছে।

facebook twitter