+

Free bus services for students in Cotton University  

১৫ অক্টোবৰ, গুৱাহাটী : মহানগৰীৰ ঐতিহ্যমণ্ডিত কটন বিশ্ববিদ্যালয়ে আজিৰ পৰা আৰম্ভ কৰিছে বিনামূলীয়া বাছ সেৱা। ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ্থে  আজি পুৱা ১০.৩০ বজাত পৰীক্ষামূলকভাৱে ৩৪ জনীয়া আসনেৰে প্ৰথমখন এ এছ টি চি বাছ সেৱা মুকলি কৰে।  

বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ বাবে মহানগৰীৰ বিভিন্ন স্থানলৈ এই বাছসমূহ চলিব। আজি বিশ্ববিদ্যালয়ৰ চৌহদত ভৱেশ চন্দ্ৰ গোস্বামী, কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, ৰেজিষ্টাৰ দিগন্ত কুমাৰ দাস আৰু অন্য মহাবিদ্যালয়ৰ কৰ্মীসকলৰ উপস্থিতিত এই বাছসেৱা মুকলি কৰে।

এই বাছসেৱাক লৈ আনন্দিত ছাত্ৰ-ছাত্ৰীসকল। বিশ্ববিদ্যালয়খনৰ পৰা ৪ বাৰকৈ পৃথক পৃথক সময়ত উক্ত বাছসমূহ চলাচল কৰিব। উক্ত বাছসেৱাক লৈ আনন্দিত বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল।

facebook twitter