Fire breaks out in Orang 

08:24 AM Nov 11, 2019 | G Plus News

১১ নৱেম্বৰ, গুৱাহাটী : দৰং জিলাৰ ওৰাঙত কালি পুৱতি নিশা বিধ্বংসী অগ্নিকাণ্ড। এই ভয়ানক অগ্নিকাণ্ডত চাৰিটা বাসগৃহ জাহ যায়। 

সুনীল দাস নামৰ এজন লোকৰ মিঠাইৰ কাৰখানাত এই অগ্নিকাণ্ড সংঘটিত হয়। বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত এই ঘটনা সংঘটিত হয় বুলি কাৰখানাৰ লোকে জানিবলৈ দিয়ে। 

কঠমপি সুনীল দাসৰ পৰিয়ালটি এই ভয়ানক বিপদৰ পৰা ৰক্ষা পৰে। উক্ত ঘটনাত লাখটকাৰ সম্পত্তি জাহ যায়।  ততাতৈয়াকৈ অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়াত অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰতাত জুইৰ শাম কাটে।