District transport department kamrup take a initiative to aware people

11:59 AM Sep 04, 2019 | G Plus News

৪ ছেপ্তেম্বৰ, গুৱাহাটী : গাড়ী চলাওঁতে সাৱধান। ১ ছেপ্তেম্বৰৰ পৰা কেন্দ্ৰীয় চৰকাৰে দেশজুৰি কাৰ্যকৰী কৰিছে নতুন যান- বাহন আইন। কেন্দ্ৰীয় চৰকাৰে নতুনকৈ জাৰি কৰা যান-বাহন আইন খনত ব্যাপক পৰিবৰ্তন আনিছে।

দেশবাসীয়ে ছীট বেল্ট নিপিন্ধিলে ৩০০ টকাৰ সলনি ১০০০ টকাৰ জৰিমনা ভৰিব লাগিব।হেলমেট পৰিধান নকৰিলে ৩০০ অথবা ৫০০ৰ সলনি ১০০০ টকাৰ জৰিমনা ভৰিব লাগিব। নিচাযুক্ত দ্ৰব্য সেৱন কৰি গাড়ী চলালে ৫০০ ৰ সলনি ১০,০০০ টকাৰ জৰিমনা ভৰিব লাগিব। দুচকীয়া বাহনত তিনিজনীয়াকৈ উঠালে ৫০০ৰ সলনি ৫০০০ টকাৰ জৰিমনা ভৰিব লাগিব।  

 

{{4CSF_UaoTFkjY5BY3FzZ}} 

আজি কামৰূপ জিলা পৰিবহন বিষয়া গৌতম দাসৰ নেতৃত্বত এটি দলে ৰঙিয়া চহৰত যান-বাহন আইনৰ এই নতুন নিয়মসমূহৰ কথা ৰাইজক অৱগত কৰে। নতুন আইনৰ অধীনত হোৱা জৰিমনাৰ বিষয়ে আৰু চালক সকলে সকলো নিয়ম মানি যান বাহন চলাবৰ বাবে ৰাইজক সজাগ কৰিবলৈ ৰঙিয়াত জিলা পৰিবহনৰ দলটোৱে প্ৰচাৰ পত্ৰিকা বিতৰন কৰে।