+

Deadbody of Assam Police personnel found in mysterious condition

কাৰ্বি আংলংৰ পৰা অমূল্য বৰা - মঙলবাৰে কাহিলিপুৱাতে কাৰ্বি আংলং জিলাৰ আৰক্ষী নিৱেশত উদ্ধাৰ হৈছে অসম আৰক্ষী বেটেনিয়েনৰ এজন নায়কৰ মৃতদেহ। ডিঙিত চিপজৰী লোৱা অৱস্থাত উদ্ধাৰ হোৱা মৃতদেহটো অসম আৰক্ষী বেটেলিয়েনৰ নায়কজনক শদিয়াৰ গোলোক গগৈ বুলি চিনাক্ত কৰা হৈছে।

উল্লেখ্য যে আঞ্জুকপানী  আৰক্ষী নিবেশত কৰ্মৰত আছিল আত্মহননৰ পথ বাচি লোৱা একাদশ অসম আৰক্ষী বেটেলিয়েনৰ নায়কজন। জানিব পৰামতে, আঞ্জুকপানী আৰক্ষী নিৱেশৰ পাছফালৰ অস্থায়ী পাকঘৰত চিপজৰী লৈ আত্মহত্যা নায়কজনৰ।

ইতিমধ্যে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিফুলৈ প্ৰেৰণ কৰা হৈছে। আঞ্জুকপানীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই জনোৱা অনুসৰি মৃত লোকজনে মানসিক ভাৰসাম্য হেৰুৱাই আত্মহননৰ পথ বাচি লৈছে।

facebook twitter