cyclone bulbul may hit Assam

12:59 PM Nov 08, 2019 | G Plus News

৮ নৱেম্বৰ, গুৱাহাটী : সাৱধান! আহি আছে বুলবুল। বৰ্ধিত শক্তিৰে ক্ৰমশঃ পশ্চিমবংগ অভিমুখে আগবাঢ়িছে সামুদ্ৰিক ঘূৰ্ণিবতাহ ‘বুলবুল’। 

প্ৰতি ঘণ্টাত ১১৫-১৩০ কিলোমিটাৰ গতিবেগত আহি থকা ঘূৰ্ণিবতাহৰ প্ৰকোপত পশ্চিমবংগত বিস্তৰ ক্ষতিৰ লগতে প্ৰবল বৃষ্টিপাত হোৱাৰ সম্ভাৱনা আছে। ঘূৰ্ণিবতাহ বুলবুলৰ প্ৰভাৱ পশ্চিমবংগৰ লগতে ইয়াৰ ওচৰ চুবুৰীয়া ৰাজ্য ওড়িশা আৰু অসমতো পৰাৰ সম্ভাৱনা আছে। অহা শনিবাৰৰ পৰা অসমৰ আকাশ ডাৱৰীয়া হৈ থকাৰ লগতে বৃষ্টিপাত হ’ব বুলি আশংকা কৰিছে।