Domestic Crude oil and gas production dips in India

06:58 AM Aug 06, 2019 | G Plus News

৬ আগষ্ট, গুৱাহাটী :দেশত ক্ৰমান্বয়ে হ্ৰাস পাইছে খাৰুৱা তেল আৰু ৰন্ধন গেছৰ উৎপাদন । বিগত বৰ্ষৰ তুলনাত খাৰুৱা তেলৰ উৎপাদন ৬.৮ শতাংশ হ্ৰাস পোৱাৰ বিপৰীতে গেছৰ উৎপাদন ০.৫  শতাংশ হ্ৰাস পাইছে। ইয়াৰ ফলত তেল আৰু গেছৰ ক্ষেত্ৰত দেশখনৰ আমদানিৰ ওপৰত নিৰ্ভৰশীলতা বৃদ্ধি পাইছে।

চলিত বিত্তীয় বৰ্ষত ভাৰতে খাৰুৱা তেলৰ আমদানি ৮৫.২  শতাংশ আৰু গেছৰ আমদানি ৫০.৪ শতাংশলৈ বৃদ্ধি পাইছে। উল্লেখ্য যে সুদীৰ্ঘ সময় ধৰি ভাৰতে খাৰুৱা তেল আৰু গেছৰ উৎপাদন বৃদ্ধিৰ প্ৰয়াস চলাই আহিছে যদিও এই ক্ষেত্ৰত বিশেষ সফলতা লাভ কৰিবলৈ সক্ষম হোৱা নাই। 

তেল মন্ত্ৰালয়ৰ সূত্ৰমতে ২০১৯- ২০ বিত্তীয় বৰ্ষত কেৱল খাৰুৱা তেলৰ আমদানিৰ নামতেই ভাৰতে ৮ লাখ কোটি টকা ব্যয় কৰিব লাগিব।