+

COVID-19 death toll rises to 11 in India

গুৱাহাটী, ২৫ মাৰ্চঃ দেশত ইটোৰ পিছত সিটোকৈ বৃদ্ধি পাইছে ক’ৰোনাত মৃত্যুৰ সংখ্যা। আজি ভাৰতত এই সংখ্যা ১১ লৈ বৃদ্ধি পাইছে। ইফালে দেশত আক্ৰান্তৰ সংখ্যাও বৃদ্ধি পাইছে প্ৰতিদিনে। বৰ্তমানলৈকে দেশত ৫৬০ গৰাকীলৈ বৃদ্ধি পাইছে ক’ৰোনা আক্ৰান্তৰ সংখ্যা। কালি নিশা মহাৰাষ্ট্ৰৰ মুম্বাইত এই মাৰাত্মক ভাইৰাছৰ ফলত মৃত্যুক আঁকোৱালি লয় ৬৫ বছৰীয়া এগৰাকী বৃদ্ধাই।

ইফালে আজি তামিলনাডুত এগৰাকী ৫৪ বছৰীয়া লোক এই মহামাৰীত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ পাচতে ভাৰতত ১১ জনলৈ বৃদ্ধি পালে মৃতকৰ সংখ্যা ।

উল্লেখ্য যে, ক’ৰোনা ভাইৰাছৰ ভয়াৱহ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি মঙলবাৰে সন্ধ্যা দেশবাসীক সম্বোধন কৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । দেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে নিজৰ তথা পৰিয়ালৰ সুৰক্ষাৰ বাবে ঘৰতে থকাৰ আহ্বান জনায় । ইফালে, আগন্তুক ২১ দিনলৈ দেশত লকডাউন ঘোষণা কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ।

বৰ্তমানলৈকে সমগ্ৰ বিশ্বত ৪,২২,৮২৯ গৰাকী লোক ক’ৰোনাত আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে ১৮,৯০৭ গৰাকীকৈ লোকৰ।

facebook twitter