CID interrogated AIUDF MLA Aminul Islam inside the Jail

09:59 AM Apr 28, 2020 | G Plus Digital Desk

২৮ এপ্ৰিল, গুৱাহাটী - এআইইউডিএফৰ বিধায়ক আমিনুল ইছলামক কাৰাগাৰৰ ভিতৰতেই জেৰা চলাই যাৱতীয় কেছ ডায়েৰী প্রস্তুত কৰিছে চি আই ডিয়ে৷ ছ’চিয়েল মিডিয়াৰ জৰিয়তে সাম্প্ৰদায়িক মন্তব্য কৰাৰ অপৰাধত ৰুজু হোৱা এক গোচৰত গ্ৰেপ্তাৰ হৈ কাৰাবাস খাটি আছে বিধায়ক ইছলামে।

সম্প্রতি গুৱাহাটী কেন্দ্রীয় কাৰাগাৰত ১৪ দিনৰ ন্যায়িক জিম্মাত থকা ইছলামক চি আই ডিয়ে নিজৰ জিম্মাত বিচাৰিছিল যদিও ল’বলৈ সক্ষম হোৱা নাছিল৷ পিছে ইয়াৰ পৰিৱৰ্তে কামৰূপ মহানগৰৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে বিধায়ক ইছলামক  কাৰাগাৰৰ ভিতৰতে জেৰা কৰিব পাৰিব বুলি নির্দেশ দিছিল চিআইডিক৷

আদালতৰ সেই নির্দেশৰ ভিত্তিত চি আই ডিৰ এটা দল গুৱাহাটী কেন্দ্রীয় কাৰাগাৰত উপস্থিত হৈ বিধায়ক ইছলামক জেৰা চলায়৷ জেৰাৰ অন্তত সম্প্রতি কেছ ডায়েৰী প্রস্তুত কৰিছে তদন্তকাৰী সংস্থাটোৱে।

উল্লেখ্য যে ১৪ দিনৰ ন্যায়িক জিম্মাৰ ম্যাদ উকলি যোৱাৰ পূর্বেই যাতে কেছ ডায়েৰী দাখিল কৰিব পাৰে সেই দিশৰ ওপৰত গুৰুত্ব দিয়েই তৎপৰতাৰে তদন্ত চলাইছে চি আই ডিয়ে৷কিয়নো নির্দিষ্ট সময়ত কেছ ডায়েৰী দাখিলত ব্যর্থ হ’লে আদালতে বিধায়ক ইছলামক জামিনত মুক্তি দিব পাৰিব৷ পিছে, যদিহে যথা সময়ত কেছ ডায়েৰী দাখিল কৰে আৰু কেছ ডায়েৰীৰ ভিত্তিত বিধায়কজনক জামিন দিব নালাগে বুলি চি আই ডিয়ে জনোৱা আৱেদনত যদিহে আদালত সন্তুষ্ট হয় তেন্তে ১৪ দিনৰ পাছতো বিধায়ক ইছলামে জামিন পোৱাৰ সম্ভাৱনা ক্ষীণ হৈ পৰিব৷

জানিব পৰা মতে, ছ’চিয়েল মিডিয়াক অপব্যৱহাৰ কৰা আৰু দেশৰ ক্ষতি কৰিব পৰা মন্তব্য কৰাৰ অপৰাধত কেইবাটাও ধাৰা প্রয়োগ কৰি অধিক শক্তিশালী কেছ ডায়েৰী সাজু কৰা কাম অব্যাহত ৰাখিছে চিআইডিয়ে৷ (উৎস - দৈনিক জনমভূমি)