+

Centre extends ban on ULFA outfits by 5 years

২৯ নৱেম্বৰ, গুৱাহাটী : অসমৰ সশস্ত্ৰ বিদ্ৰোহী সংগঠন সংযুক্ত মুক্তি বাহিনী, অসম চমুকৈ আলফাৰ নিষিদ্ধকৰণৰ সময়সীমা ৫ বছৰলৈ বৃদ্ধি। কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে এক নিৰ্দেশনা জাৰি কৰি নিষিদ্ধিকৰণৰ সময়সীমা বৃদ্ধি কৰে। 

হত্যা, অপহৰণ , আইনবিৰোধী কাৰ্যকলাপ আৰু  দেশৰ অখণ্ডতাৰ প্ৰতি ভাবুকি কঢ়িয়াই লৈ অহাৰ বাবে  সংগঠনটোৰ বিৰুদ্ধে কেন্দ্ৰই এই সিদ্ধান্ত গ্ৰহণ কৰে। ১৯৭৯ চনৰ ৭ এপ্ৰিল তাৰিখে শিৱসাগৰ জিলাৰ ৰংঘৰৰ বাকৰিত নিষিদ্ধঘোষিত সংগঠনটোৰ জন্ম হৈছিল। অসমৰ স্বাধীনতাৰ দাবীত বিগত চাৰি দশক ধৰি সশস্ত্ৰ সংগ্ৰাম অব্যাহত ৰাখিছে সংগঠনটোৱে। 

শেহতীয়াকৈ বড়ো বিদ্ৰোহী সংগঠন এন ডি এফ বিৰো নিষিদ্ধাকৰণ ৫ বছৰলৈ বৃদ্ধি কৰে কেন্দ্ৰীয় চৰকাৰে। 

উল্লেখ্য যে কালি ৰাজ্যৰ বিভিন্ন প্ৰান্তত আলফা (স্বাধীন)ৰ পতাকা উৰুৱা কাৰ্যই সংগঠনটোৰ সক্ৰিয়তা প্ৰমাণ কৰি দেখুৱায়। 
  

 

facebook twitter