+

CCTV must be install in exam centres

৫ ফেব্ৰুৱাৰী, গুৱাহাটী : আগন্তুক হাইস্কুল , হাইমাদ্ৰাছাৰ শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ বাবে সাজু হৈছে  উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ। ৰাজ্যত অহা ১০ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ'ব হাইস্কুল আৰু হাইমাদ্ৰাছাৰ শিক্ষান্ত পৰীক্ষা। লগতে ১২ ফেব্ৰুৱাৰী পৰা অনুষ্ঠিত হ’ব উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা। 

আজি ছেবাৰ লগত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ কৰ্তৃপক্ষক সাক্ষাৎ কৰে আছুৰ সঁজাতি দলে। আগন্তুক হাইস্কুল আৰু হাইমাদ্ৰাছা শিক্ষান্ত পৰীক্ষা যাতে ত্ৰুতিপূৰ্ণ আৰৰু বিসংগতিপূৰ্ণভাৱে অনুষ্ঠিতভাবে হয় তাৰ বাবে ছেৱাৰ কৰ্তৃপক্ষৰ ওচৰত দাবী জনায়

 আছুৰ দলটোৱে। চলিত বৰ্ষত হাইস্কুল আৰু হাইমাদ্ৰাছাৰ শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ’ব  
৩,৫৮,৪৪৬ ছাত্ৰ ছাত্ৰী। লগতে উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ’ব ২৩৪২৩৯ গৰাকী পৰীক্ষাৰ্থী।
 
পূৰ্বতে ছেবাই এক জাননীযোগে প্ৰকাশ কৰিছিল যে কোনো পৰীক্ষাৰ্থীয়ে  নকল কৰি ধৰা পৰিলে ৩বছৰ পৰ্যন্ত বহিস্কৃত কৰা হ’ব। আনকি নকল ধৰা পৰা পৰীক্ষা কেন্দ্ৰসমূহৰ বিৰুদ্ধেও কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হ’ব।

ছেবাৰ সচিব সুৰঞ্জনা সেনাপতিয়ে সংবাদমাধ্যমক জনায়-“আমি জাতীয় দল-সংগঠনসমূহক আহ্বান জনাইছো আগন্তুক পৰীক্ষাসমূহ সুকলমে পাতিবলৈ সহায় সহযোগ আগবঢা়ওক।এইবাৰ পৰীক্ষাৰ প্ৰশ্নকাকতসমূহত এক নতুন নিয়ম সংযোজন কৰা হৈছে। এই নিয়ম অনুসৰি প্ৰশ্নাকাকতসমূহ পৰীক্ষাহলতে পৰীক্ষাৰ্থীৰ সন্মুখত খোলা হ’ব লগতে প্ৰত্যেক হলৰ দুজনকৈ পৰীক্ষাৰ্থীৰ চহী লোৱা হ’ব। নকল ৰোধ কৰিবলৈ আমি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছো। কোনোধৰণৰ মোবাইল ফোন বা ইলেকট্ৰ’নিক ডিভাইছ পৰীক্ষাহললৈ নিবলৈ দিয়া নহ’ব। সকলো কেন্দ্ৰতে কাৰ্যক্ষম টিটিচিভি লগোৱাটো বাঞ্চনীয়।” 

ইতিমধ্যে পৰীক্ষা ৰ প্ৰশ্ন কাকত সমুহ জিলাই জিলাই প্ৰেৰণ কৰা হৈছে বুলি কৰ্তৃপক্ষই জানিবলৈ দিয়ে। ৭৭২টা কেন্দ্রত হ’ব উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা আৰু ৮৬০টা কেন্দ্ৰত হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত হ'ব।

facebook twitter