BULBUL CAN SING shines in Singapore International Film Festival

11:32 AM Dec 10, 2018 | জিপ্লাছ সাংস্কৃতিক প্ৰতিনিধি

গুৱাহাটী - ছিংগাপুৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ, ২০১৮। এইবাৰো শিৰোনামত অসমৰ ৰীমা দাস। এইবাৰ পিছে ভিলেজ ৰকষ্টাৰ্ছৰ বাবে নহয়। পৰিচালিকাগৰাকীৰ নৱতম ছবি ‘বুলবুল কেন ছিং’ৰ বাবেও সংবাদ শিৰোনামত উঠিবলৈ আৰম্ভ কৰিছে ৰীমা দাস। ২৯ তম ছিংগাপুৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত  ৰীমা দাসৰ বুলবুল কেন ছিংৰ অভিনেতা মনোৰঞ্জন দাসে লাভ কৰিছে শ্ৰেষ্ঠ পাৰদৰ্শিতাৰ বঁটা। অৱশ্যে এই বঁটা গ্ৰহণৰ বাবে মনোৰঞ্জন কিম্বা ৰীমা উপস্থিত থাকিব নোৱাৰিলে। মনোৰঞ্জনৰ হৈ বঁটা গ্ৰহণ কৰে ৰীমাৰ মাতৃয়ে। 

পৰিচালিকা ৰীমা দাস সম্প্ৰতি অস্কাৰ বঁটাৰ বাবে মনোনয়ন লাভ কৰা ভিলেজ ৰকষ্টাৰ্ছৰ প্ৰচাৰৰ কামত লছ এঞ্জেলছত ব্যস্ত থকাৰ বাবে এই মহোৎসৱত অংশগ্ৰহণ কৰিব পৰা নাই বুলি ব্যক্ত কৰে পৰিচালিকাগৰাকীৰ মাতৃয়ে। মহোৎসৱত অংশগ্ৰহণ কৰি ৰীমাৰ মাতৃয়ে ছিলভাৰ স্ক্ৰীণ বঁটা গ্ৰহণ কৰে।

ইফালে ছ’চিয়েল মিডিয়াযোগে অভিনয় শিল্পী মনোৰঞ্জনলৈ শুভেচ্ছা জনাইছে বুলবুল কেন ছিংৰ পৰিচালিকা ৰীমাই। ৰীমাই কয়, “মনোৰঞ্জনে অভিনয় কৰা সুমনৰ চৰিত্ৰটো যথেষ্ট প্ৰত্যাহ্বানজনক। এছিয়াৰ শ্ৰেষ্ঠতম ছবি মহোৎসৱত আমাৰ ছবিখনে এনেদৰে সমাদৰ লাভ কৰাই আমাক যথেষ্ট আনন্দিত কৰিছে। তাতকৈও আনন্দিত কৰিছে মনোৰঞ্জনৰ অভিনয়ে স্বীকৃতি লাভ কৰা বাবে।”    

{{bjhAbJRfbTy1zyy7Fafm}}