Barjhar airport will be privatization soon 

10:39 AM Nov 20, 2019 | G Plus News

২০ নৱেম্বৰ, গুৱাহাটী : গুৱাহাটীৰ বৰঝাৰস্থিত  লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰক ব্যক্তিগত খণ্ডলৈ হস্তান্তৰ কৰাৰ যা যোগাৰ মোডী চৰকাৰৰ। দেশৰ আগশাৰীৰ কেবাখনো বিমানবন্দৰসহ অসমৰ বৰঝাৰস্থিত আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰকো অচিৰেই আদানী গ্ৰুপক গতাব বিচাৰিছে বিজেপি চৰকাৰে।  

আনহাতে মোদী চৰকাৰৰ এনে জনবিৰোধী নীতিত জাঙুৰ খাই উঠিছে বিমানবন্দৰ প্ৰাধিকাৰীকৰণৰ ট্ৰেড ইউনিয়ানসমূহৰ উমৈহতীয়া সংগঠন জ'ইন্ট ফ'ৰাম ফৰ ইউনিয়নচ এণ্ড এছ'চিয়েশ্ব্যন। আজি আদানী গ' বে'ক, মোদী চৰকাৰ হুঁছিয়াৰ- ধ্বনিৰে  গুৱাহাটী বিমানবন্দৰ উত্তাল কৰি তুলিছে বিমান বন্দৰৰ কৰ্তৃপক্ষই ।


পূঁজিপতি গোষ্ঠীসমূহলৈ মোদী চৰকাৰৰ এনে দৰদক লৈ জাঙুৰ খাই উঠিছে কৰ্মচাৰীসকল। বিশেষকৈ ৰাজহুৱা খণ্ডৰ উদ্যোগ-প্ৰতিষ্ঠানক ধ্বংসৰ দিশলৈ ঠেলি দিয়া বুলি মোদী চৰকাৰৰ বিৰুদ্ধে অভিযোগ তোলে প্ৰতিবাদী সংগঠনসমূহে।