+

Assam boy & girl won gold at 9th Commonwealth Karate Championships

গুৱাহাটী - দক্ষিণ আফ্ৰিকাৰ ডাৰবানত সদ্যসমাপ্ত নৱম কমনৱেলথ কাৰাটে চেম্পিয়নশ্বিপত অসমৰ নৌচাঁদ আলীয়ে স্বৰ্ণপদক জয় কৰিবলৈ সক্ষম হৈছে। বৰপেটা জিলাৰ সুসন্তান নৌচাঁদ আলীয়ে শনিবাৰে স্বৰ্ণপদক লাভ কৰি সমগ্ৰ দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে। ইফালে এই চেম্পিয়নশ্বিপৰে ৩০ কেজি শাখাত শিশু মহিলাৰ কুমিটে ইভেন্টত স্বৰ্ণপদক অৰ্জন কৰিবলৈ সক্ষম হৈছে আন এগৰাকী প্ৰতিভাৱান কাৰাটে খেলুৱৈ পঞ্চীমিতা বৰদলৈয়ে। যোৰহাট জিলাৰ মৰিয়নীৰ পঞ্চীমিতাই ফাইনেলত দক্ষিণ আফ্ৰিকাৰ প্ৰতিদ্বন্দ্বীক হৰুৱাই এই খিতাপ লাভ কৰে।

উল্লেখ্য যে মৰিয়নিৰ নগাঢোল বাগানৰ সৌৰভ বৰদলৈ আৰু অভিজিতা বৰদলৈৰ কন্যা পঞ্চীমিতা মৰিয়নিৰ ছেইন্ট এন্থনী হাইস্কুলৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰী। ইফালে ২০১৭ চনৰ ডিচেম্বৰ মাহত নতুন দিল্লীত অনুষ্ঠিত নেশ্যনেল কাৰাটে ফেডাৰেশ্যনৰ প্ৰতিযোগিতাতো ৰূপৰ পদক অৰ্জন কৰিছিল।

{{PRx6ntEp8c4ucb9q4yvj}}

আনহাতে, প্ৰতিযোগিতাখনৰ ৭৬ কেজি শাখাত শনিবাৰে অনুষ্ঠিত ফাইনেলত ভাৰতক প্ৰতিনিধিত্ব কৰা নৌচাঁদে দক্ষিণ আফ্ৰিকাৰ খেলুৱৈৰ বিৰুদ্ধ ৩-০ পোনপটীয়া ছেটত জয়ী হৈ স্বৰ্ণপদক লাভ কৰে৷ উল্লেখযোগ্য যে বিশ্ব কাৰাটে ৰেংকিংৰ জুনিয়ৰৰ ২৬ তম স্থানপ্ৰাপ্ত বৰপেটা জিলাৰ প্ৰতিভাৱান কাৰাটে খেলুৱৈগৰাকীয়ে এইবাৰ তৃতীয়বাৰৰ বাবে ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰিছে৷

facebook twitter