Amit Shah will Attend 34th Statehood Day Function Arunachal Pradesh

10:47 AM Feb 20, 2020 | G Plus News

২০ ফেব্ৰুৱাৰী, গুৱাহাটী : অৰুণাচল প্ৰদেশৰ ৩৪ সংখ্যক ষ্টেটহুড ডে’ত অংশগ্ৰহণৰ বাবে উত্তৰ-পূবলৈ আহিছে গৃহমন্ত্ৰী  অমিত শ্বাহ। দিনৰ ১২ বজাত বিশেষ বিমানযোগে  লখিমপুৰৰ লীলাবাৰী বিমান বন্দৰত উপস্থিত হয় অমিত শ্বাহ। ইয়াৰ পিছতেই মন্ত্ৰী গৰাকীক উষ্ম আদৰণি জনায় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাসহ দলীয় নেতৃত্বই।গায়ন-বায়ন, ঢোল-খোলৰ উপৰি বিভিন্ন জনগোষ্ঠীৰ নৃত্যৰে আদৰনি জনায়  কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী। 


কালি ইটানগৰত অনুষ্ঠিতহ’বলগীয়া ৩৪সংখ্যক ষ্টেটহুড ডে’ত অংশগ্ৰহণ কৰিবলৈ আজি দুপৰীয় ১২.২০ বজাত  ইটানগৰলৈ উৰা মাৰে শ্বাহসহ নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মা। 

কালি অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ উপৰিও শ্বাহে অৰুণাচল প্ৰদেশ আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব। লগতে মন্ত্ৰীগৰাকীয়ে অৰুণাচল প্ৰদেশ শিল্প আৰু বিনিয়োগ নীতি ,২০২০ মুকলি কৰিব। 
 
এই বিশেষ দিৱসত অৰুণাচল প্ৰদেশৰ মন্ত্ৰী বিধায়কসকলৰ লগতে সকলো দলীয় কৰ্মী আৰু স্থানীয় লোক উপস্থিত থাকিব।