+

AIUDF protest against CAB in Dispur 

৪ ডিচেম্বৰ, গুৱাহাটী : কেবৰ বিৰুদ্ধে কঁপিছে ৰাজ্য। নাগৰিকত্ব সংশোধনী বিধেয়ক নামানে এ আই ইউ ডি এফে। আজি কেবিনেটৰ বৈঠকত কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীতকৰণৰ অনুমোদন দিয়াৰ পাছতেই উত্তাল প্ৰতিবাদত কঁপি উঠিছে ৰাজধানীৰ চৌহদ। 

অহা ১০ ডিচেম্বৰৰ ভিতৰত সংসদত উত্থাপিত কৰা জাতিধ্বংসী বিধেয়কখন। এই বিধেয়কখনৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন দল সংগঠনৰ লগতে ছাত্ৰসমাজো ৰাজপথলৈ ওলাই আহিছে। এ আই ইউ ডি এফ ৰ প্ৰতিবাদী নেতাসকলে ‘কেব’ খন কেন্দ্ৰীয় চৰকাৰে হিটলাৰী পদ্ধতিত অনুমোদন জনাইছে বুলি অভিযোগ উত্থাপন কৰে। লগতে কয় বিজেপি চৰকাৰে কেব , এন আৰ চি আনি  অসমীয়া খিলঞ্জীয়াৰ লগতে মুছলমান লোকসকলকো হাৰাশাস্তি কৰিছে। সংসদত যাতে এই বিধেয়ক উত্থাপন  কৰিব নোৱাৰে তাৰ বাবে প্ৰতিবাদকাৰীসকলে সমগ্ৰ ভাৰত বৰ্ষৰ বিধায়ক, সাংসদ সকলক আহ্বান জনায়।

facebook twitter