+

After Cotton, now Margherita College & Pub Kamrup College starts indefinite strike

গুৱাহাটী - কটন বিশ্ববিদ্যালয়ৰ পিছত মাৰ্ঘেৰিটা মহাবিদ্যালয় আৰু পূৱ কামৰূপ মহাবিদ্যালয়েও আজি ঘোষণা কৰিলে অনিৰ্দ্দিষ্টকালীন শ্ৰেণীবৰ্জনৰ সিদ্ধান্ত।  নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে আজিৰ পৰা অনিৰ্দিষ্টকালীন শ্ৰেনীবৰ্জন কাৰ্য্যসূচী আৰম্ভ কৰাৰ সমান্তৰালভাৱে ৰাজ্যৰ এই দুখন আগশাৰীৰ মহাবিদ্যালয়েও শ্ৰেণীবৰ্জন ঘোষণা কৰাই বিশেষ তাৎপৰ্য বহন কৰিছে।

সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিত মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সভানেত্ৰী নিবিতা শৰ্মা, সম্পাদক অভিশেষ বৰুৱাই এই কথা জানিবলৈ দিছে।

“বিজেপি চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক প্ৰৱৰ্তন কৰি অসম আৰু অসমীয়াৰ অস্তিত্ব ধ্বংসৰ যি অভিসন্ধি কৰিছে তাৰ বাবে আমি মাৰ্ঘেৰিটা মহাবিদ্যালয় ছাত্ৰ একতা সভাই ইয়াক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে আজিৰে পৰা অনিৰ্দিষ্টকালীন শ্ৰেণীবৰ্জন ঘোষণা কৰিছো।” বিবৃতিটোত কোৱা হৈছে।

ইফালে সভাপতি হৰজ্যোতি বুদ্ধ আৰু সম্পাদক নিতু কুমাৰে প্ৰেছ বিজ্ঞপ্তিযোগে জনাইছে পূৱ কামৰূপ মহাবিদ্যালয়ৰ অনিৰ্দিষ্টকালীন শ্ৰেণীবৰ্জন ঘোষণা। আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ আৰম্ভ হৈছে এই শ্ৰেণীবৰ্জন। জাতিধ্বংসী বিধেয়ক বাতিল নহ’লে অনাগত সময় যে ছাত্ৰ সমাজে হাতত তুলি ল’বলৈ সাজু হৈছে সেয়া ধূৰূপ। 

ইফালে কটন বিশ্ববিদ্যালয়ৰ এই অনশনৰ প্ৰতি সমৰ্থন জনাই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে গুৱাহাটী কলেজ, ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয়, আঞ্চলিক নাৰ্ছিং মহাবিদ্যালয়, নাৰেংগী কলেজৰ ছাত্ৰ-ছাত্ৰীয়েও।

facebook twitter