Abhijit Banerjee, Esther Duflo and Michael Kremer Winning the Nobel Prize

06:24 AM Oct 15, 2019 | G Plus News

১৫ অক্টোবৰ, গুৱাহাটী : ভাৰতীয়লৈ অৰ্থনীতিৰ ন’বেল বঁটা। ভাৰতীয়-আমেৰিকান অভিজিৎ বেনাৰ্জীকে ধৰি দুগৰাকী অৰ্থনীতিবিদলৈ যুটীয়াভাৱে আগবঢ়োৱা হৈছে অৰ্থনীতিৰ ন’বেল বঁটা। বিশ্বৰ পৰা দৰিদ্ৰতা নিৰ্মূল কৰণৰ বাবে গৱেষণা কৰি এক ইতিবাচক অৰ্থনৈতিক ধাৰাৰ সৃষ্টি কৰাৰ স্বীকৃতিস্বৰূপে অভিজিৎ বেনাৰ্জীকে ধৰি তেওঁৰ পত্নী এন্থাৰ ডাফলো আৰু মাইকেল ক্ৰেমাৰক যুটীয়াভাৱে এই সন্মান আগবঢ়োৱা হৈছে। 

 অভিজিৎ বেনাৰ্জীৰ ঘৰ পশচিমবংগত। প্ৰধানমন্ত্ৰী , ৰাষ্ট্ৰপতিৰ পৰা আৰম্ভ কৰি দেশ-বিদেশৰ বহু ৰাষ্ট্ৰনেতাই অৰ্থনীতিবিদজনক শুভেচ্ছা জনাইছে। 

অৰ্থনীতিবিদজনে এক সাক্ষাৎকাৰত কয়, ‘এই সন্মান লাভ কৰাৰ বাবে মই যথেষ্ট সুখী। দৰিদ্ৰ লোকসকলক লৈ কৰা কামবোৰৰ বাবেই মই স্বীকৃতি লাভ কৰিছো। এই পুৰস্কাৰ মই সেইসকল লোকলৈ সমৰ্পিত কৰিলো, যিসকল লোকে বিশ্বৰ দৰিদ্ৰতাৰ সৈতে সাহসেৰে যুঁজি আছে।’