AASU replied Medha Patekar and Sandeep Pandey

12:25 PM Feb 20, 2020 | G Plus News

২০ ফেব্ৰুৱাৰী, গুৱাহাটী : সন্দীপ পাণ্ডে আৰু মেধা পাটেকাৰক চৰকাৰৰ দালাল আখ্যা আছুৰ সাধাৰণ সম্পাদক লুৰিণ জ্যোতি গগৈৰ। “তেওঁলোক অসম আৰু অসমীয়াৰ অভিভাৱক নোহোৱাই ভাল। অসম সম্পৰ্কে তিলমানো জ্ঞান নথকা চালানী নেতাৰ কথাক আমি গুৰুত্ব নিদিওঁ।কোনো বিশেষ ব্যক্তিৰ এজেণ্ট হৈ অসমলৈ আহিছে তেওঁলোক দুগৰাকী।” 

দুদিনীয়া অসম ভ্ৰমণ কাৰ্যসূচীৰে অখিল গগৈক কেন্দ্ৰীয় কাৰাগাৰত সাক্ষাৎ কৰিবলৈ আহি কালি সংবাদমেলত আছুক চোকা সমালোচনা কৰে বিশিষ্ট সমাজসেৱক সন্দীপ পাণ্ডে আৰু মেধা পাটেকাৰে।সন্দীপ পাণ্ডেই সংবাদমেলত প্ৰকাশ কৰি কয় -“ আছুৰ কা বিৰোধী আন্দোলনত তেওঁলোকে চক্ৰান্তৰ গোন্ধ পাইছে। কোনো গণ আন্দোলনত সময়সীমাৰ বাধ্য বাধকতা নাথাকে। কৃষক মুক্তিৰ দৰে তেওঁলোকে তেওঁলোকে জোৰদাৰ আন্দোলন কৰিব পৰা নাই কিয়?” 

এই মন্তব্যৰ পাছতে জাঙুৰ খাই উঠে আছুৰ সাধাৰণ সম্পাদক লুৰিণ জ্যোতি গগৈ। তেওঁ সংবাদমাধ্যমৰ আগত কয়- ‘তেওঁলোকৰ মন্তব্যৰ পৰাই গম পাই যে তেওঁলোকৰ কা বিৰোধী আন্দোলনৰ ওপৰত তিলমাত্ৰও জ্ঞান নাই। দুয়োগৰাকী চৰকাৰী এজেণ্ট হৈ অসমলৈ আহিছে। তেওঁলোকে কৰি থকা নৰ্মদা বচাও, লোকপাল আন্দোলন কি হ’ল?”