AASU rally in Guwahati Club

09:25 AM Jan 09, 2020 | G Plus News

ডবা, খোল, ঢোল তালেৰে ৰজনজনাইছে মহানগৰীৰ ৰাজপথ। ৰাজ্যজুৰি কা বিৰোধী ৰণশিঙা। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটীৰ মাজমজিয়াৰ গুৱাহাটী ক্লাবত আছুৰ সহযোগত ৩০ টা দল সংগঠনে কা বিৰোধী সমদল অনুষ্ঠিত কৰে। 

এই আন্দোলনত অংশগ্ৰহণ কৰি জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে কয়- “সকলোকে ধন্যবাদ জনাইছো  আমাক যোগদান কৰাৰ বাবে। আমি বেলেগ বেলেগ দিনত বিভিন্ন ধৰণে প্ৰতিবাদী কাৰ্যসূচী হাতত লৈ আহিছো। আমি এই প্ৰচেষ্টা অব্যাহত ৰাখিছো । আজিও আমি বাদ্যযন্ত্ৰৰে বেলেগ ধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছো। পৰৱৰ্তী সময়তো এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰি থাকিম। আমি সকলোৱে একগোট হৈ থাকিম, বৃহত্তৰ অসমীয়া জাতি।”

উক্ত অনুষ্ঠানত আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যইও উপস্থিত থাকে। পূৰ্বৰে পৰা কা বিৰোধী আন্দোলনতমাত মাতি আহিছে অসমৰ হাৰ্টথ্ৰ’ব জুবিন গাৰ্গে।