9 players medals in `Miss Universe' body building competetion 

06:31 AM Dec 04, 2019 | G Plus News

৪ ডিচেম্বৰ, গুৱাহাটী : আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ অসমৰ নাম উজ্বলালে অসমৰ ৯গৰাকী সন্তানে। ৱৰ্ল্ড বডী বিল্ডিং ফেদাৰেচনে আয়োজন কৰা ‘Mr Universe’ দেহশ্ৰী প্ৰতিযোগিতাত ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰি অসমৰ নাম উজ্বলালে ৯গৰাকীকৈ খেলুৱৈয়ে। 

 যোৱা ৩০ নৱেম্বৰত থাইলেণ্ডৰ পটায়া চহৰত অনুস্থিত হোৱা দেহশ্ৰী প্ৰতিযোগিতাত প্ৰায় ২৫০ৰো অধিক লোকক পৰাভূত কৰি বিভিন্ন শাখাত পদক আজুৰি আনিলে অসম সন্তানকেইজনে। 

 দ্বীপজ্যোতি বড়োৱে ‘Mr Universe fitness model overall’, ‘Mr Asia Overall’, ‘Mr Universe’ খিতাপ দখল কৰি সোনৰ পদক অৰ্জন কৰে। অম্লানজ্যোতি ৰাভায়ে সোনৰ পদক আৰু ভাস্কৰজ্যোতিয়ে ৰূপৰ দুটা পদক অৰ্জন কৰে। একদৰে বিভিন্ন শিতানত বিজুৰাম বড়ো,অতনু বৰুৱা,মনজিত পাল,প্ৰসেনজিত কৰ্মকাৰ ,মৃণাল ঠাকুৰীয়া আৰু ৰাহুল কলিতাই  ব্ৰঞ্জৰ পদক আজুৰি আনিবলৈ সক্ষম হয় ।

থাইলেণ্ডৰ পৰা দলটো আহি মাতৃভূমিত উপস্থিত হয়। বৰঝাৰ বিমানবন্দৰত আটাইকেইজন খেলুৱৈক অনুৰাগীসকলে  উষ্ম আদৰণি জনায়।