66th National Film Awards: Ayushmann Khurrana, Vicky Kaushal named 'Best Actors'

11:28 AM Aug 09, 2019 | G Plus Digital Desk

০৯ আগষ্ট, নতুন দিল্লী - সন্মানীয় ৬৬ তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা হৈছে আজি। আজি নতুন দিল্লীৰ শাস্ত্ৰী ভৱনত ঘোষণা হ’ল বৰ্ষশ্ৰেষ্ঠ চলচ্চিত্ৰ তথা বিভিন্ন শাখাৰ শ্ৰেষ্ঠসকলৰ নাম। আয়ুষ্মান খুৰানা অভিনীত তথা বিশিষ্ট পৰিচালক শ্ৰীৰাম ৰাঘৱনৰ ছবি ‘অন্ধাধুন’ক ২০১৮ বৰ্ষৰ শ্ৰেষ্ঠ ছবি হিচাপে ঘোষণা কৰা হৈছে। ইফালে ক্ৰমাগত দ্বিতীয়বাৰৰ বাবে উজ্বলি উঠিছে ৰীমা দাস। ভিলেজ ৰকষ্টাৰ্ছ ছবিৰে বিগত বৰ্ষত শ্ৰেষ্ঠ ছবিৰ বঁটা লাভ কৰা ৰীমা দাসৰ ‘বুলবুল কেন ছিং’ ছবিখনে লাভ কৰিছে অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ বঁটা।

শ্ৰেষ্ঠ অভিনেতা - আয়ুষ্মান খুৰানা আৰু বিকী কৌশল
শ্ৰেষ্ঠ অভিনেত্ৰী - কীৰ্তি সুৰেশ
চলচ্চিত্ৰভিত্তিক শ্ৰেষ্ট গ্ৰন্থ - Mano Prarthana Pulley; In A Cult Of Their Own gets Special Mention (মালায়ালম ভাষা)

শ্ৰেষ্ঠ চলচ্চিত্ৰ সমালোচক - ব্লেজ জনী (মালায়ালম), অনন্ত বিজয় (হিন্দী)

অনা-কাহিনী ছবি শাখা -
পৰিয়াল বিষয়ক শ্ৰেষ্ঠ ছবি - চলো জীতে হে’
শ্ৰেষ্ঠ চুটি কাল্পনিক ছবি - কাছব
সামাজিক ন্যায়ধৰ্মী শ্ৰেষ্ঠ ছবি - হোৱাই মী, একান্ত
শ্ৰেষ্ঠ অনুসন্ধানমূলক ছবি - আম’লি
শ্ৰেষ্ঠ ক্ৰীড়াভিত্তিক ছবি - ছুইমিং থ্ৰ’ দ্য ডাৰ্কনেছ

কাহিনী চিত্ৰ - 

শ্ৰেষ্ঠ ৰাজস্থানী ছবি - টাৰ্টল
শ্ৰেষ্ঠ পাঞ্চঙ্গা ছবি - ইন দ্য লেণ্ড অৱ পইজনাছ অ’মেন
শ্ৰেষ্ঠ গাৰো ছবি - আন্না
শ্ৰেষ্ঠ মাৰাঠী ছবি - ভঙা
শ্ৰেষ্ঠ তামিল ছবি - বাৰাম
শ্ৰেষ্ঠ হিন্দী ছবি - অন্ধাধুন
শ্ৰেষ্ঠ অসমীয়া ছবি - বুলবুল কেন ছিং

শ্ৰেষ্ঠ ক’ৰিঅ’গ্ৰাফী - পদ্মাৱত, ঘুমৰ
শ্ৰেষ্ঠ সংগীত পৰিচালনা - পদ্মাৱত
শ্ৰেষ্ঠ স্পেচিয়েল এফেক্ট - Awe, KGF
শ্ৰেষ্ঠ সংগীত পৰিচালক - সঞ্জয় লীলা ভাঞ্চালী, পদ্মাৱত
শ্ৰেষ্ঠ মৌলিক চিত্ৰনাট্য - চি অৰ্জুন লা চ’

শ্ৰেষ্ঠ চিত্ৰনাট্য প্ৰস্তুত - অন্ধাধুন

শ্ৰেষ্ঠ সংলাপ - তাৰিখ

শ্ৰেষ্ঠ চিনেমাট’গ্ৰাফী - উলু

শ্ৰেষ্ঠ কন্ঠশিল্পী (মহিলা) - বিন্দু মণি (মায়াবী মানাৱে’ - নাথি চাৰামি)

শ্ৰেষ্ঠ কন্ঠশিল্পী (পুৰুষ) - অৰিজিৎ সিং (বিনতে দিল - পদ্মাৱত)

সামাজিক সমস্যাৰ শ্ৰেষ্ঠ ছবি - পেডমেন

শ্ৰেষ্ঠ সহ-অভিনেত্ৰী - সুৰেকা ছিক্ৰী (বধাই হো)

শ্ৰেষ্ঠ সহ-অভিনেতা - স্বানন্দ কিৰকিৰে (চুম্বক)

শ্ৰেষ্ঠ অভিনেতা - আয়ুষ্মান খুৰানা (অন্ধাধুন), আৰু বিকী কৌশল (উড়ি)

শ্ৰেষ্ঠ অভিনেত্ৰী - কীৰ্তি সুৰেশ (মহানটী)

শ্ৰেষ্ঠ পৰিচালনা - আদিত্য ধৰ (উড়ি)

শ্ৰেষ্ঠ কাহিনী ছবি - হেল্লাৰো (গুজৰাটী)

শ্ৰেষ্ঠ শিশু ছবি - চৰকাৰী. হাই. প্ৰা. শ্বেল কাচাৰাগ’ডু, কোদাজ

পৰিৱেশ সংৰক্ষণৰ শ্ৰেষ্ঠ ছবি - পানী

সামগ্ৰিক মনোৰঞ্জনৰ শ্ৰেষ্ঠ ছবি - বধাই হো

বিচাৰকৰ বঁটা - কেদাৰা (বঙালী), হেল্লাৰো (গুজৰাটী)

পৰিচালকৰ আত্মপ্ৰকাশৰ শ্ৰেষ্ঠ ছবি - সুধাকৰ ৰেড্ডী (নাল)

নাৰ্গিছ দত্ত বঁটা - অণ্ডাল্লা এৰাডাল্লা (কন্নড়)