567 road accidents during Durga puja in Assam

11:49 AM Oct 11, 2019 | G Plus News

১১ অক্টোবৰ, গুৱাহাটী : ৰাজ্যত উলহে মালহে পালন কৰা হ’ল শাৰদীয় দুৰ্গোৎসৱ। যোৱা ৫ অক্টোবৰৰ পৰা ৮ অক্টোবৰলৈ চাৰিদিনীয়া উৎসৱকালীন সময়ছোৱাত ৰাজ্যত মুঠ ৫৬৩ টা পথ দুৰ্ঘটনা সংঘটিত হয়। এই ভয়াবহ তথ্য ফাদিল কৰে মৃত্যুঞ্জয় ১০৮ সেৱাই। 

 মৃত্যুঞ্জয় ১০৮ সেৱাৰ তথ্যমতে বিগত চাৰিদিনত ৰাজ্যত গড়ে ১৪০ টাকৈ পথ দুৰ্ঘটনা সংঘটিত হৈছে। ১০৮ সেৱাৰ উচ্চস্তৰীয়া বিষয়াই জনায় যে দুৰ্গাপূজাৰ সময়তে সৰ্বাধিক পথ দুৰ্ঘটনা সংঘটিত হয়। যোৱা ৫ অক্টোবৰত ৰাজ্যত মুঠ ৯৯ টা, অষ্টমীৰ দিনা ১৭২ টা, নৱমীৰ দিনা ১৩৬ টা আৰু দশমীৰ দিনা ১৫৬ টা পথ দুৰ্ঘটনা সংঘটিত হয়। 

উল্লেখযোগ্য যে ৰাজ্যৰ ভিতৰতে কামৰূপ জিলাত সৰ্বাধিক ৬৬ টা পথ দুৰ্ঘটনা সংঘটিত হয়। ঠিক সেইদৰে গোলাঘাট  জিলাত ৪২ টা, নগাওঁ জিলাত ৩৯ টা, শোণিতপুৰ জিলাত ২৮ টা, বৰপেটা জিলাত ২৬ টা, ওদালগুৰি জিলাত ২৪টা, মৰিগাওঁ জিলাত ২৫ টা, যোৰহাট জিলাত ২৪ টা, ডিব্ৰুগড় জিলাত  ২৩ টা, বঙাইগাওঁ জিলাত ২৩ টা, শিৱসাগৰ জিলাত ২০ টা, নলবাৰী জিলাত ১৮ টা, 

ধেমাজি আৰু ধুবুৰী জিলাত  ১৯ টা, বাক্সা জিলাত ১৭ টা,কাছাৰ জিলাত ১৮ টা, চিৰাং জিলাত ১৪ টা, লখিমপুৰ জিলাত ১৫ টা, হাইলাকান্দি জিলাত ১০ টা, গোৱালপাৰা জিলাত ১৩ টা,  কৰিমগঞ্জ জিলাত ১০ টা, কোকৰাঝাৰ জিলাত ৯ টা, কাৰ্বি আংলং জিলাত ৯ টা,  তিনিচুকীয়া আৰু মাজুলী জিলাত  ৩ টা আৰু ডিমা হাছাও জিলাত  ১ টা পথ দুৰ্ঘটনা সংঘটিত হয়। 

মৃত্যুঞ্জয় ১০৮ সেৱাই জনোৱামতে উক্ত দুৰ্ঘটনাসমূহৰ ভিতৰত দুচকীয়া বাহনেৰে সৰ্বাধিক দুৰ্ঘটনা সংঘটিত হৈছে। বিশেষকৈ সুৰাপান কৰি বাহন চলোৱা , তীব্ৰ বেগত বাহন চলোৱাৱ আৰু দুচকীয়া বাহনত তিনিজনকৈ লোকে বহি বাহন চলোৱাৰ ফলত দুৰ্ঘটনাসমূহ সংঘটিত হৈছে বুলি ১০৮ সেৱাই তথ্য প্ৰকাশ কৰে।