+

1800 cartons illegal liqueur gutted at Bokajan

গুৱাহাটী - কাৰ্বি আংলংৰ বোকাজান আৰক্ষী থানাৰ অধীনৰ হাংজাংলাংছোত অবৈধ সুৰাৰ এটা গুডামত ভয়াবহ অগ্নিকাণ্ড সংঘটিত হোৱাৰ ঘটনা পোহৰলৈ আহিছে। উল্লেখ্য যে ২০১৬ চনত গুৱাহাটীৰ পৰা অহা BIEO ৰ এটা দলে বৃহৎ সংখ্যক অবৈধ অৰুণাচলী সুৰা নাগালেণ্ডলৈ সৰবৰাহ কৰি থকা অৱস্থাত কেবাকোটি টকাৰ অবৈধ সুৰা জব্দ কৰিছিল। আৰু সেই সমূহৰ আধাঅংশ বোকাজানৰ আবকাৰী বিভাগৰ দায়িত্বত ৰখা হৈছিল। আৰু বোকাজানৰ সৰিয়হজানত বোকাজানৰ আবকাৰী বিভাগে মজুত কৰি ৰখা সুৰাসমূহ সম্পূৰ্ণৰূপে ভস্মীভূত হয়।

সন্দেহ অনুসৰি কোনো দুষ্কৃতিকাৰীয়ে বীয়েৰ আৰু স্থানীয়ভাৱে প্ৰস্তুত বিদেশী সুৰাৰ (IMFL) বটল চুৰি কৰিবলৈ আহি এই অগ্নিকাণ্ড সংঘটিত কৰিছে। আনহাতে আন এক সূত্ৰত প্ৰকাশ যে কাষতে তেলৰ টেংকাৰ পাৰ্ক কৰি থোৱা স্থানৰ পৰা এই জুইৰ সূত্ৰপাত
হৈছিল। কোনো লোকে তেল চুৰি কৰি থাকোতে এই চুৰি কাৰ্যত ব্যৱহৃত মটৰ
এটাৰ পৰাই এই অগ্নিকাণ্ডৰ সূত্ৰপাত হৈছে।

অৱশ্যে বোকাজান অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপিত কৰে যদিও জব্দ কৰি ৰখা আটাইখিনি সুৰা নষ্ট হৈ যায়।

উল্লেখ্য যে ২০১৬ চনৰে পৰা বোকাজানৰ আবকাৰী বিভাগৰ তিনিজন কনিষ্টবল এই গুডাম ঘৰ কেইটাৰ ৰক্ষণাবেক্ষণৰ বাবে নিয়োগ কৰা হৈছিল যদিও বিগত বহু দিন ধৰি কৰ্মত গাফিলতি কৰি অহাৰ কথা স্থানীয় ৰাইজে অভিযোগ কৰিছে। জানিব পৰামতে, এই গুডামত ১৮০০ কাৰ্টুন সুৰা ৰাখি থোৱা হৈছিল। কিছুদিন পূৰ্বে ইয়াৰ পৰা সুৰা চুৰি হোৱা বুলি অভিযোগ উত্থাপন কৰি আবকাৰী বিভাগে থানাত এজাহাৰো দাখিল কৰিছিল।

{{PRx6ntEp8c4ucb9q4yvj}}

কিন্তু স্থানীয় ৰাইজৰ মতে আবকাৰী বিভাগৰ একাংশই সুৰাসমূহ গোপনভাৱে বিক্ৰী কৰি দিছিল আৰু এই সুৰা খিনিৰ গণনা প্ৰক্ৰিয়াৰ (Audit) খবৰ পাই নিজ ইচ্ছামতে জ্বলাই নিজৰ কুকৰ্মক গাপ দিয়াৰ চেষ্টা কৰিছে।

facebook twitter