+

13 years girl raped in Gosaigaon

২৪ ছেপ্তেম্বৰ, গুৱাহাটী : কোকৰাঝাৰ জিলাৰ গোসাঁইগাৱত মানৱ সমাজক কলংকিত কৰা এক জঘন্য ঘটনা। গোসাঁইগাওঁ মহমকুমাৰ সাপকাটা আৰক্ষী চকীৰ ১ নং মাটিয়া পাৰাত যোৱা ২১ চেপ্টেম্বৰ তাৰিখে দিনৰ ৮.৩০ মান বজাত  ১৩ বছৰীয়া নাবালিকা এগৰাকীক ৩৩ বছৰীয়া এজন লোকে ধৰ্ষণৰ অপচেষ্টা কৰে । মানৱৰূপী পাখণ্ড জন একেখন গাৱঁৰ আলি আহম্মদ ওৰফে আলাউদ্দিন (৩৩) বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে আলি আহম্মদ ওৰফে আলাউদ্দিন নামৰ 33 বছৰীয়া লম্পটজনে তেওঁৰ নিজ গৃহত কোনো নথকাৰ সুযোগ লৈ পাৰবিনা খাতুন নামৰ নাবালিকা কিশোৰী গৰাকীগৰাকীক ফুচুলাই লৈ যৌন কাৰ্যত লিপ্ত থকা অৱস্থাত হাতেলোটে ধৰা পৰে। পিছত নাবালিকাগৰাকীৰ পিতৃ আলী আহম্মদ আৰু পৰিয়ালৰ লোকে উক্ত ঘটনাটোৰ সন্দৰ্ভত সাপকাটা থানাত এখন এজাহাৰ দাখিল কৰে। 

{{uhEPCQjDXUc8dZVvJBuY}} 

ইতিমধ্যে ধৰ্ষিতা নাবালিকাগৰাকীৰ স্বাস্থ্য পৰীক্ষাৰ বাবে  সাপকাটা আৰক্ষীয়ে গোসাঁইগাওঁ আৰ এন বি চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।  অভিযুক্ত আলি আহম্মদ ওৰফে আলাউদ্দিন নামৰ লম্পটজনক কৰায়ত্ত কৰি গোসাঁইগাঁও আৰক্ষীয়ে সোধপোছ অব্যাহত ৰাখিছে।  

facebook twitter