+

11000 Pending Cases in Dispur Police Station, Says Assam DGP

২১ ফেব্ৰুৱাৰী, গুৱাহাটী - অসম আৰক্ষীৰ আধুনিকীকৰণক লৈ বিভিন্ন ধৰণৰ আঁচনি গ্ৰহণ কৰাৰ বিপৰীতে ৰাজ্যৰ প্রতিখন আৰক্ষী থানাতে অমীমাংসিত হৈ আছে বহু গোচৰ৷ গুৱাহাটী মহানগৰৰ প্রায় আটাইকেইখন থানাতে পৰি আছে সহস্রাধিক গোচৰ৷ লক্ষণীয়ভাৱে খোদ দিছপুৰ আৰক্ষী থানাত বিগত সময়ছোৱাত অমীমাংসিতভাৱে ওলমি ৰোৱা গোচৰে সকলোৰে চকু কপালত তুলিছে৷ স্বয়ং আৰক্ষী সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্তই প্রকাশ কৰা তথ্যতে উন্মোচিত হৈছে এই ভয়াবহ তথ্য। এই তথ্য অনুসৰি দিছপুৰ আৰক্ষী থানাত অমীমাংসিতভাৱে থকা গোচৰৰ সংখ্যা হ’ল ১১ হাজাৰ৷

অলপতে অসমৰ এটা বৈদ্যুতিন চেনেলৰ সৈতে হোৱা এক বার্তালাপত এই তথ্য প্রকাশ কৰিছে আৰক্ষী সঞ্চালকপ্রধানগৰাকীয়ে৷ গুৱাহাটী মহানগৰীৰ আইন–শৃংখলা পৰিস্থিতি সন্দর্ভত তথ্য দাঙি ধৰি শীর্ষ আৰক্ষী বিষয়াগৰাকীয়ে প্রকাশ কৰা অনুসৰি দিছপুৰ আৰক্ষী থানাই নহয়, মহানগৰীৰ প্রায় আটাইকেইখন থানাতে সৰু–বৰ বৃহৎসংখ্যক গোচৰ মীমাংসা নোহোৱাকৈ পৰি ৰৈছে৷

উল্লেখ্য যে অসম আৰক্ষীত একাধিক পদ এতিয়াও পূৰণ নোহোৱাকৈ আছে৷ এনে অৱস্থাত প্রতিখন থানাত সীমিতসংখ্যক বিষয়া আৰু জোৱানেৰে কাম চলাবলগীয়া হৈছে৷ এনে অৱস্থাত প্রতিদিনে পঞ্জীভুক্ত হোৱা গোচৰৰ তদন্ত তথা অনুসন্ধান লেহেমীয়া গতিৰে আগবঢ়াৰ ফলত বছৰ বছৰ ধৰি কোনো মীমাংসা নোহোৱাকৈ গোচৰসমূহ পৰি ৰৈছে৷ আৰক্ষী সঞ্চালকপ্রধানগৰা ইয়াকো উল্লেখ কৰে যে গুৱাহাটীৰ আইন–শৃংখলাৰ দিশটোৰ ক্ষেত্রত আৰক্ষীয়ে গুৰুত্ব দিয়াৰ লগতে মহিলা আৰু শিশুৰ সুৰক্ষাৰ দিশটোক সর্বাধিক অগ্রাধিকাৰ দিছে৷ সমান্তৰালভাৱে ড্রাগছ সৰবৰাহ আৰু চাইবাৰ ক্রাইমৰ ক্ষেত্রতো মহানগৰীৰ থানাসমূহে বিশেষ প্রত্যাহ্বান গ্রহণ কৰিছে৷

মন কৰিবলগীয়া যে দিছপুৰ আৰক্ষী থানাত প্রতিদিনে গড় হিচাপত ১০–১২টাকৈ গোচৰ ৰুজু হয়৷ সমান্তৰালভাৱে যান-বাহন আৰক্ষীয়েও একাধিক গোচৰ ৰুজু কৰে৷ ইয়াৰ বিপৰীতে কিন্তু আৰক্ষী থানাখনত নাই পর্যাপ্ত বিষয়া তথা কর্মচাৰী৷ আনকি যোৱা দীর্ঘদিন ধৰি পৰিত্যক্ত চৰকাৰী গৃহ এটাতহে চলি আছে থানাখন৷ এনে অৱস্থাত তদন্তহীনভাৱে পৰি ৰোৱা গোচৰৰ সংখ্যাই ১১ হাজাৰ স্পর্শ কৰাটো প্রায় স্বাভাৱিক বুলি পৰিগণিত হৈছে৷ বিষয়টোক লৈ শীর্ষ আৰক্ষী বিষয়া তথা গৃহ বিভাগেও নিজৰ অসহায় অৱস্থাটো ইতিপূর্বে স্বীকাৰ কৰি লৈছে৷ আনকি দিছপুৰ আৰক্ষীৰ এনে অসহায় অৱস্থাক লৈ অসম বিধানসভাৰ মজিয়াতো আলোচনা হৈছিল যদিও এইক্ষেত্রত কোনো ফলপ্রসূ পদক্ষেপ গৃহ বিভাগে গ্রহণ কৰিবলৈ সক্ষম নহ’ল৷ (উৎস - নিউজ লাইভ)

facebook twitter