Youth congress protests against syndicate

09:48 AM Feb 25, 2020 | G Plus News

২৫ ফেব্ৰুৱাৰী, গুৱাহাটী : গুৱাহাটীৰ ৰাজীৱ ভৱনত উত্তাল পৰিৱেশ। ৰন্ধন গেছৰ মূল্য বৃদ্ধি আৰু ছিণ্ডিকেটৰ বিৰোধিতাৰে প্ৰতিবাদত জপিয়াই পৰিছে যুৱ কংগ্ৰেছৰ নেতাকৰ্মীসকল। 

ইয়াৰ পাছতে প্ৰতিবাদ কৰিবলৈ বাধা দিবলৈ অহা আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত তুমূল হতাহতি সংঘটিত হয়। আৰক্ষী, নিৰাপত্তাৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক ৰাজীৱ ভৱনৰ বাহিৰলৈ ওলাব আহিব নিদিয়াৰ ক্ষোভত ৰাজীৱ ভৱনৰ ভিতৰৰ পৰাই চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। 

সৰ্বানন্দ সোণোৱাল গ’ বেক, হিমন্ত বিশ্ব গ’ বেক, বিজেপি গ’বেক ধ্বনিৰে উত্তাল কৰে ৰাজীৱ ভৱন। প্ৰতিবাদকাৰীসকলে সংবাদমাধ্যমৰ আগত চৰকাৰক হুংকাৰ প্ৰদান কৰি কয় -“এইখন চৰকাৰে ২ কোটি নিবনুৱাক চাকৰি দিব! কিন্তু যোৱা ৫ বছৰত ৰাজ্যত আটাইতকৈ বেছি নিবনুৱাৰ সৃষ্টি হৈছে। মূল্য বৃদ্ধি আৰু ৰাজ্যত হৈ থকা অবাধ দুৰ্নীতিৰ কাৰণে আমি প্ৰতিবাদ কৰিমেই। ৰাজ্যত ক্ৰমাৎ বৃদ্ধি হৈ থকা গৰু ছিণ্ডিকেটৰ সন্দৰ্ভত আমি প্ৰমান দিওঁতেও চৰকাৰে একো কৰিব নোৱাৰিলে। ”

সৎ সাহস আছে যদি মুখ্যমন্ত্ৰী সোণোৱালে সংবাদমেল আয়োজন কৰি এই চৰকাৰখন  ছিণ্ডিকেটত জড়িত নাই বুলি কওক বুলি ক্ষোভ প্ৰকাশ কৰে যুৱ কংগ্ৰেছৰ প্ৰতিবাদকাৰীসকলে।