+

What are the legal recourse available to those left out of NRC?

৩১ আগষ্ট, গুৱাহাটী : আজি প্ৰকাশ পালে বহু প্ৰত্যাশিত এন আৰ চিৰ চূড়ান্ত তালিকা।এই চূড়ান্ত তালিকা প্ৰকাশৰ পাছতেই ৰাজ্য সমন্বয়ৰক্ষী প্ৰতীক হাজেলাই জনায় যে এই চূড়ান্ত তালিকাত দেশখনৰ ৩,১১,২১,০০৪ জন লোকৰ নাম অন্তৰ্ভুক্ত কৰা হয় আৰু ১৯,০৬৬৫৭ জন লোক নাম এই তালিকাৰ পৰা বাদ পৰে।

এই  তালিকা প্ৰকাশৰ পাছতেই অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে চূড়ান্ত তালিকাত নাম অন্তৰ্ভুক্ত নোহোৱা লোকসকলক আশ্বাস দি কয় যে তেওঁলোকে এন আৰ চিত নাম অন্তৰ্ভুক্তিৰ কাৰণে পুনৰ আবেদন কৰিব পাৰিব। কেন্দ্ৰীয় গৃহ বিভাগৰ নিৰ্দেশ অনুসৰি নাম নথকা লোক সকলে বিদেশী প্ৰাধিকৰণৰত পুনৰ আবেদন দাখিল কৰিব পাৰিব।    

সোণোৱালে লগতে কয় - “ বিদেশী প্ৰাধিকৰণত নাম বাদ পৰা লোকসকলে  ১২০ দিনৰ ভিতৰত নাম অন্তৰ্ভুক্তকৰণৰ বাবে আবেদন কৰিব পাৰিব। এই বিদেশী প্ৰাধিকৰণে চূড়ান্ত তালিকাত নাম বাদ পৰা লোকসকলৰ নাম অন্তৰ্ভুক্তকৰণত আইনগত সহায় কৰিব। এন আৰ চিৰ পৰা বাদ পৰা লোকক কোনো লোকে হাৰাশাস্তি  কৰিব নোৱাৰিব।” 

{{4CSF_UaoTFkjY5BY3FzZ}}

বৰ্তমান ৰাজ্যত ২০০ টা বিদেশী প্ৰাধিকৰণে কাম কৰি আছে , যদিও কেন্দ্ৰীয় গৃহ বিভাগে পৰ্যায়ক্ৰমে বিদেশী প্ৰাধিকৰণৰ শাখা ১,০০০ টালৈ বৃদ্ধি কৰাৰ পৰিকল্পনা গ্ৰহণ কৰিছে। যিসকল লোকৰ নাম এই তালিকাত সন্নিৱিষ্ট হোৱা নাই তেওঁলোকে এই বিদেশী প্ৰাধিকৰণৰ যিকোনো  আদালতত নিজৰ নাম অন্তৰ্ভুক্তিৰ বাবে আবেদন কৰিব পাৰিব।

মুখ্যমন্ত্ৰীয়ে লগতে ৰাজ্যৰ দুখীয়া শ্ৰেণীৰ লোকসকলক আশ্বাস দি কয় যে এন আৰ চিত নাম অন্তৰ্ভুক্তিৰ বাবদ বিদেশী প্ৰাধিকৰণ আৰু উচচ ন্যায়ালয়ত কৰা আবেদন প্ৰক্ৰিয়াত ৰাজ্য চৰকাৰে যাৱতীয় সকলো সুবিধা আগবঢ়াব। 

facebook twitter