+

water logged condition in punjabari - Batahghuli road

২৩ ছেপ্তেম্বৰ, গুৱাহাটী : ৰাজ্য চৰকাৰে উন্নয়নৰ নামত বহুতো প্ৰতিশ্ৰুতি আগবঢ়াইছিল যদিও ফুটুকাৰ ফেনত পৰিণত হৈছে উন্নয়নৰ প্ৰতিশ্ৰুতিসমূহ। এজাক বৰষুণতেই কৃত্ৰিম বানত বুৰ যায় মহানগৰীৰ বিভিন্ন ৰাজপথসমূহ। তদুপৰি বাৰিষাৰ সময়ত বিভাগীয় কৰ্তৃপক্ষই কোনোধৰণৰ পৰিকল্পনা নোহোৱাকৈ কাম কৰাত পথসমূহৰ অৱস্থা আৰু বেছি বেয়ালৈ পৰিণত হয়।

তেনেকুৱা এটা পথ হৈছে পাঞ্জাবাৰীৰ- বতাহঘুলি পথ। উক্ত পথটোত গুৱাহাটী পাব্লিক স্কুলৰ সন্মুখতেই এজাক বৰষুণতেই কৃত্ৰিম বানৰ সৃষ্টি হয়। পাব্লিক স্কুলৰ মাজেৰে থকা নলাটো বন্ধ হৈ থকাৰ ফলত এলেকাটোত এজাক বৰষুণতেই পাহাৰৰ পানীসমূহ বাগৰি আহি কৃত্ৰিম বানৰ সৃষ্টি কৰে। 

{{uhEPCQjDXUc8dZVvJBuY}} 

ফলত স্কুলৰ লগতে অঞ্চলটোৰ স্থানীয় লোকসকলেও যমৰ যাতনা ভূগিবলগীয়া হৈছে। সেই ঠাইৰ ওচৰতে বতাহঘুলি প্ৰাথমিক বিদ্যালয় আৰু জনশিমলু হাইস্কুল গঢ়ি উঠিছে। তেনেকুৱা পৰিস্থিতিত  তিনিওখন বিদ্যালয়ৰে ছাত্ৰ-ছাত্ৰীয়ে দুৰ্ভোগ ভুগিবলগীয়া হৈছে। পথটোত চলা মেজিক, ই- ৰিস্কাৰ ওপৰি ব্যক্তিগত বাহনসমূহো চলাচলত ব্যাঘাত জন্মিছে। 

বৰ্তমান পথটোত বহুধৰণৰ চৰকাৰী, বেচৰকাৰী প্ৰতিষ্ঠান, কোম্পানী, ব্যৱসায়িক প্ৰতিষ্ঠানো গঢ় লৈ উঠিছে।স্থানীয় লোকসকলক বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰে যদিও আজিলৈকে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই বুলি অভিযোগ উত্থাপন কৰে। পথটোৰ দুয়োপিনে নলা নিৰ্মাণ কৰাৰ ঠাই থকাৰ পাছতো আজিলৈকে নলা নিৰ্মাণ নকৰাত পথটো দিনে দিনে শোচনীয় হৈ পৰিছে।  

facebook twitter