+

Vietnam’s infamous 'Bikini Airline', VietJet Air, is coming to India & prices start at just Rs 9

২২ আগষ্ট, গুৱাহাটী - বিমান ভাড়া মাত্ৰ ৯ টকা!‌ এতিয়া মাত্ৰ ৯ টকাতে নতুন দিল্লীৰ পৰা ভিয়েটনামলৈ যাব পাৰিব বিমানযোগে। এনেধৰণৰ অফাৰেই আগবঢ়াইছে ভিয়েটনামৰ এক বিমান পৰিবহন সংস্থা ভিয়েটজেটে। ‘বিকিনি এয়াৰলাইন্স’ নামেৰে পৰিচিত এই বিমান পৰিবহন সংস্থাটিয়ে আগবঢ়োৱা এই বিমানসেৱাৰ যোগেদিয়েই দিল্লী - ভিয়েটনামৰ মাজত বিমান পৰিবহন আৰম্ভ হ’ব। ইয়াৰ পূৰ্বে দিল্লী আৰু ভিয়েটনামৰ মাজত কোনোধৰণৰ বিমানপথ নাছিল। নতুন বিমানপথ মুকলি কৰাৰ বাবেই আৰম্ভ কৰা ৯ টকাৰ যাত্ৰাৰ এই সুবিধা আজি নিশা ১২ বজালৈ থাকিব।

উল্লেখ্য যে আগন্তুক ৬ ডিছেম্বৰৰ পৰা আৰম্ভ হ’ব দিল্লী-ভিয়েটনাম বিমানসেৱাৰ নতুন পথ। সপ্তাহত চাৰিদিনকৈ চলিব এই বিমানসেৱা। ভিয়েটনামৰ লগতে ভাৰতৰ পৰা ইণ্ডোনেছিয়া, ছিঙ্গাপুৰ, মালয়েছিয়া, থাইলেণ্ড, দক্ষিণ কোৰিয়া, জাপান আৰু চীনলৈও বিমান সেৱা আগবঢ়াব এই বিমান পৰিবহন সংস্থাটোৱে।
{{4CSF_UaoTFkjY5BY3FzZ}}

এই সন্দৰ্ভত ভিয়েটজেট সংস্থাৰ তৰফৰ পৰা জনোৱা হৈছে যে ‌www.VietJet.com ৱেবছাইটযোগে টিকট কাটিব পাৰিব ইচ্ছুক যাত্ৰীসকলে। ইতিমধ্যে VietJet নামৰ এটা মোবাইল এপ্পো মুকলি কৰা হৈছে। মোবাইল এপ্প ব্যৱহাৰ কৰিও টিকট ক্ৰয় কৰিব পৰা যাব। আজি নিশা ১২ বজাৰ ভিতৰত টিকট ক্ৰয় কৰিলে বিমান ভাড়া হ’ব মাত্ৰ ৯ টকা। অৱশ্যে ইয়াৰ সৈতে ভেট আৰু বিমানবন্দৰ মাচুল সংযোজিত হ’ব। তদুপৰি উভতি অহাৰ টিকটৰ বাবে ব্যয় কৰিব লাগিব ৮০০০–৯০০০ টকা।

facebook twitter