+

Transport department operation in Guwahati

২৫ অক্টোবৰ, গুৱাহাটী : কিনকিনীয়া বৰষুণকো আওকান কৰি মহানগীত চলিছে পৰিবহন বিভাগৰ ব্যাপক অভিযান। আজি পুৱাৰে পৰা মহানগৰীৰ জয়ানগৰত জিলা পৰিবহণ বিষয়া বাপন কলিতাৰ নেতৃত্বত যান বাহন আইন উলংঘাকাৰীৰ বিৰুদ্ধে অভিযান আৰম্ভ চলাই। 


আনহাতে বিদ্যালয়লৈ সন্তানক থ’বলৈ যাওঁতে হেলমেট নিপিন্ধাকৈ যোৱা অভিভাৱককো জৰিমনা বিহে পৰিবহন বিভাগে। নতুন যান-বাহন আইন কাৰ্যকৰী হোৱাৰ পাছতেই দেশৰ লগতে ৰাজ্যৰ যান-বাহন আৰক্ষীও কঠোৰ হৈ পৰিছে। উক্ত আইনৰ অনুসৰি পূৰ্বৰ তুলনাত অধিক পৰমানে জৰিমনা ভৰিব লাগিব আইন উলংঘাকাৰীয়ে।  

facebook twitter