+

Tiger recover in Santipur 

২৩ অক্টোবৰ, গুৱাহাটী : মহানগৰীৰ শান্তিপুৰত বিগত কেইবাদিন ধৰি সন্ত্ৰাসৰ সৃষ্টি কৰিছে নাহৰফুটুকীয়ে ৷ সংবাদ মাধ্যমত এই বাতৰি প্ৰচাৰ হোৱাৰ পাছতেই বন বিভাগে বাঘ ধৰিবলৈ অঞ্চলটোত পিঞ্জৰা স্থাপন কৰে। আজি পিঞ্জৰাত বন্দী হ'ল প্ৰকাণ্ড নাহৰফুটুকীটো।

প্ৰতিদিনে অঞ্চলটোৰ প্ৰায় সংখ্যক লোকৰ ঘৰৰ পোহনীয়া জীৱ-জন্তু ভক্ষণ কৰি আহিছিল নাহৰফুটুকীটোৱে ৷ এই বিষয়ে বন বিভাগক স্থানীয় ৰাইজে বাৰম্বাৰ অৱগত কৰাৰ পাছতো বিভাগৰ ফালৰ পৰা কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাছিল ৷ পৰৰ্বতী সময়ত স্থানীয় ৰাইজে এই ঘটনা সন্দৰ্ভত সংবাদমাধ্যমক অৱগত কৰে।  

ইয়াৰ পাছতেই  মঙলবাৰে বন বিভাগৰ লোকে অঞ্চলটোত উপস্থিত হৈ নাহৰফুটুকীটো ধৰিবৰ বাবে পিঞ্জৰা স্থাপন কৰা পাছতেই বুধবাৰে পুৱাই পিঞ্জৰাত আৱদ্ধ হয় বাঘটো।

সম্প্ৰতি বন বিভাগৰ লোকে নাহৰফুটুকীটো উদ্ধাৰ কৰি অসম ৰাজ্যিক চিৰিয়াখানালৈ প্ৰেৰণ কৰিছে ৷ কিন্তু স্থানীয় লোকে সন্দেহ কৰা মতে অঞ্চলটোত আৰু তিনিটা নাহৰফুটুকী বাঘ আছে।  

facebook twitter