This is the victory of nationalism. - Zubeen Garg on CAB

01:03 PM Feb 13, 2019 | G Plus News

গুৱাহাটী - নাগৰিকত্ব সংশোধনী বিধেয়কখন উত্থাপন নোহোৱাকৈয়ে আজি ৰাজ্যসভাৰ অধিৱেশন অনিৰ্দিষ্ট কালৰ বাবে স্থগিত ৰাখে অধ্যক্ষ ভেংকায়া নাইডুৱে। ইয়াৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জনপ্ৰিয় শিল্পী জুবিন গাৰ্গে। কি ক'লে জুবিন গাৰ্গে - 

‘এয়া জাতীয়তাবাদৰ নিদৰ্শন, একত্ৰিত সংগ্ৰামৰ পৰিণতি, বিধেয়ক জাপি দিলে পৰিস্থিতি বেয়া হ’লহেতেন, এইয়া ৰাইজৰ জয়।‘ ‘আন্দোলন বহুত হ’ল এই আন্দোলনে বহু ক্ষতি কৰিছে, এতিয়া কাম কৰাৰ সময়, ভৱিষ্যতে প্ৰয়োজনত আমি পুনৰ একেলগে যুঁজ দিম।’ জুবিন গাৰ্গে লগতে এই বিধেয়কখনক লৈ চৰকাৰে আগন্তুক সময়ত কৌশলী স্থিতি গ্ৰহণ কৰে নেকি তাক লৈয়ো জনসাধাৰণক তীক্ষ্ণ দৃষ্টি ৰাখিবলৈ আহ্বান জনায়। উল্লেখ্য যে, জুবিন গাৰ্গে বিধেয়কখনক লৈ ভিন্ন সময়ত প্ৰতিবাদ কৰি অহাৰ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৈ এখন পত্ৰ প্ৰেৰণ কৰিছিল।

উত্তৰ–পূবৰ সংগ্ৰামী জনতাৰ বৃহৎ জয়। নাগৰিকত্ব সংশোধনী বিধেয়ক ৰাজ্যসভাত উত্থাপন নোহোৱাত প্ৰতিক্ৰিয়া আছুৰ উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যৰ। এয়া অসমৰ খিলঞ্জীয়াৰ ঐক্যবদ্ধ প্ৰতিবাদৰ ফল, গণতন্ত্ৰৰ বিজয় বুলি মন্তব্য লুৰিণজ্যোতি গগৈৰ।

নাগৰিকত্ব সংশোধনী বিধেয়ক ৰাজ্যসভাত উত্থাপন নোহোৱাত তিনিচুকীয়াত উখল–মাখল পৰিবেশ। ফটকা ফুটাই আনন্দ প্ৰকাশ আছু, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে ধৰি বিভিন্ন সংগঠনৰ।

উত্তৰ–পূৰ্বাঞ্চলবাসীৰ প্ৰতিবাদত নতশিৰ কৰিবলৈ বাধ্য হ’ল কেন্দ্ৰ। নাগৰিকত্ব সংশোধনী বিধেয়ক ৰাজ্যসভাত উত্থাপন কৰিব নোৱাৰাক লৈ প্ৰতিক্ৰিয়া অগপ সভাপতি অতুল বৰাৰ।

আজি গণতন্ত্ৰ ৰক্ষা হ’ল, সংবিধান ৰক্ষা হ’ল, অসমখন ৰক্ষা হ’ল, উত্তৰ–পূব ৰক্ষা হ’ল। নাগৰিকত্ব সংশোধনী বিধেয়ক ৰাজ্যসভাত উত্থাপন নোহোৱাত প্ৰতিক্ৰিয়া অখিল গগৈৰ।

নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ এতিয়াও শংকা আঁতৰা নাই। ৰাজ্যসভাত বিধেয়কখন উত্থাপন নহ’লেও সংসদৰ যুটীয়া বিশেষ অধিৱেশন আহ্বান কৰি মোদী-শ্বাহ যুটীয়ে জাতিধ্বংসী বিধেয়কখন গৃহীত কৰাব পাৰে৷ বোকাখাতত এই মন্তব্য সাংসদ গৌৰৱ গগৈৰ। 

উল্লেখযোগ্য যে কালি উত্থাপনৰ লক্ষ্য লৈও ব্যৰ্থ হোৱাৰ পিছত আজি বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়কখন উত্থাপন কৰাৰ পুনৰ লক্ষ্য লৈছিল বিজেপি চৰকাৰে। ৰাজ্যসভাত গৃহ মন্ত্ৰীকে ধৰি প্ৰায় সকলো উপস্থিত আছিল পুৱাৰে পৰা।