+

Thief looted temple at Hengerabari

১১ নৱেম্বৰ, গুৱাহাটী : মহানগৰীত চোৰৰ লুটপাত। কালি  নিশা মহানগৰীৰ হেঙেৰাবাৰীৰ দুটা মন্দিৰত চোৰে লুট পাত কৰি প্ৰায় ৫০,০০০ টকা লুটি নিয়ে। 

ঘটনাৰ বিৱৰণীমতে হেঙেৰাবাৰীৰ হনুমান মন্দিৰৰ পৰা ৰাতি চোৰৰ এটা দলে মন্দিৰৰ দান পাত্ৰৰ পৰা ৪৫ আৰু শিৱ মন্দিৰৰ দান পাত্ৰৰ পৰা ৫ হাজাৰ টকা লুটি লৈ যায়। স্থানীয় লোকে আৰক্ষীক এই ঘটনা সন্দৰ্ভত অৱগত কৰে। সম্প্ৰতি চোৰৰ কোনো শুংসূত্ৰ উলিয়াব পৰা নাই। 

facebook twitter