Teras Gowala slams Govt

12:41 PM Feb 28, 2020 | G Plus News

২৮ ফেব্ৰুৱাৰী, গুৱাহাটী : চৰকাৰক কটাক্ষ নিজ দলৰে বিধায়কৰ। নিজ চৰকাৰে বিশ্বাসঘাটকতা কৰিলে এইগৰাকী বিজেপিৰ দুলীয়াজান সমষ্টিৰ বিধায়ক তেৰছ গোৱালাৰ। 

আজি অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে ট্ৰেফিক কনিষ্টবল বিষ্ণু বৰাক সম্বৰ্ধনা জনোৱাক লৈ আক্ষেপ প্ৰকাশ কৰিছে বিধায়ক গৰাকীয়ে। যোৱো ২৫ ফেব্ৰুৱাৰী তাৰিখে বিজেপিৰ বিধায়ক তেৰছ গোৱালাই পি ডব্লিউ ডিৰ  মুখ্য অভিযন্ত্ৰাৰ কাৰ্যালয়লৈ আহোঁতে ন’ পাৰ্কিং জ’নত তেওঁৰ গাড়ীখন পাৰ্ক কৰিছিল। ইয়াৰ পাছতে আৰক্ষী কনিষ্টবল বিষ্ণু বৰাই গাড়ীখনৰ চকাত তলা লগাই গাড়ীখনৰ বিৰুদ্ধে চালান কাটিছিল।  
 

গোৱালাই সংবাদমাধ্যমক কয়-“ য’ত আমি গাড়ী ৰখাইছিলো তাত ইতিমধ্যে বেলেগ গাড়ী আছিলে। মইও আইন সন্মান কৰোঁ। দুগৰাকী বিধায়কক দুৰ্ব্যৱহাৰ কৰাৰ কাৰণে মই তদন্ত বিচাৰিছিলো। তদন্ত চলি থাঁকোতেই  সম্বৰ্ধনা জনাইছে কিয়?ৰাজ্য চৰকাৰে এই সন্দৰ্ভত এই সন্দৰ্ভত স্থিতি স্পষ্ট কৰিব লাগিব। মই বিধান সভাত এই কথা উত্থাপন কৰিম। এই সম্বৰ্ধনাই এইটোকে প্ৰমান কৰিলে যে অসমৰ বিধায়কসকলে একো নাজানে, আমি অভদ্ৰ মানুহ, আইন কানুন একো নাজানে।”  

লগতে বিধায়ক গৰাকীয়ে আক্ষেপ কৰি কয় যদি এই কথাই সঁচাই হয় আমাৰ সুৰক্ষা নাই। মই মুখ্যমন্ত্ৰীক আহ্বান জনাইছো মোৰ ঘৰত থকা নিৰাপত্তাৰক্ষী, ছিকিউৰটি সকলোবোৰ আতঁৰাই দিব লাগে। মোৰ নিচিনা অপৰাধীক কোনো চৰকাৰী সুৰক্ষা নালাগে।