Tea Estates are closed for 48 hourss

07:45 AM Mar 23, 2020 | G Plus News

২৩ মাৰ্চ, গুৱহাাটীঃ ৰাজ্যত কৰ'নাৰ বিভিষীকাৰ প্ৰতি লক্ষ্য ৰাখি  অসম চাহ জনজাতি ছাত্র সন্থাই  অসমৰ সমগ্ৰ চাহ-বাগিছাসমূহত ৪৮ ঘণ্টীয়া বন্ধৰ ঘোষণা কৰে। এক প্ৰেছ বিবৃত্তি যোগে আজি পুৱা ৫ বজাৰ পৰা আটছাৰ কেন্দ্ৰীয় সভাপতি ধীৰাজ গোৱালাই এই বন্ধৰ 
নিৰ্দেশনা জাৰি কৰে।  লগতে Industrial dispute act ৰ অধীনত প্ৰাকৃতিক দুৰ্যোগৰ সময়ত কৰিব লগা নিৰ্দেশনা অনুযায়ী বন্ধৰ দিন সমূহত মজুৰী প্ৰদান কৰিবলৈয়ো দাবী জনায় বাগান মালিকপক্ষক ।

আনহাতে বিশ্বজুৰি প্ৰতিদিনে বৃদ্ধি হৈছে কৰ'নাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা। প্ৰায় ৩ লক্ষাধিক লোক এই মহামাৰীত জীৱন-মৰণৰ লগত যুঁজ দি আছে। সমগ্ৰ বিশ্বজুৰি এতিয়ালৈ ১৪,৭০৪ জন লোক মৃত্যুৰ মুখত পৰিছে।