Srinkhal Chaliha deatined by Dibrugarh Police

06:15 AM Dec 24, 2019 | G Plus News

২৩ ডিচেম্বৰ, গুৱাহাটী : বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাক পুনৰ গ্ৰেপ্তাৰ। কালি ডিব্ৰুগড়ৰ বৰবৰুৱাৰ পৰা নেতাগৰাকীক গ্ৰেপ্তাৰ কৰি অজ্ঞাত ঠাইত ৰখাক লৈ সৃষ্টি হৈছে ৰহস্য। 

কালি ডিব্ৰুগড় ৰ বৰবৰুৱাত কা বিৰোধী আন্দোলনত ভাষণ দি থকাৰ পাছতেই নেতাগৰাকীসহ চাৰিগৰাকী লোকক গ্ৰেপ্তাৰ কৰিছিল  ডিব্ৰুগড় আৰক্ষীয়ে । ইফালে আৰক্ষীয়ে নেতাগৰাকীক গুৱাহাটীত ৰুজু কৰা এটা গোচৰৰ বাবে আটক কৰিছিল বুলি জানিবলৈ দিয়ে। আৰক্ষী অধীক্ষক গৰাকীয়ে শৃংখল চলিহাক গুৱাহাটীলৈ পঠোৱা হ’ব বুলিও জানিবলৈ দিয়ে।

নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি চৰকৰাক হুংকাৰ প্ৰদান কৰিছিল নেতাজনে। কা ৰ বিৰোধিতাৰ বাবেই ইতিপূৰ্বে শিৱসাগৰৰ পৰা আটক কৰিছিল নেতাজনক।  কিন্তু নেতাজনক মুকলি কৰি দিবলৈ শিৱসাগৰ, যোৰহাট, চৰাইদেউ জিলাৰ পৰা শ’ শ’ যুৱক আহি শিৱসাগৰ সদৰ আৰক্ষী থানা ঘেৰাও কৰাত শিৱসাগৰ আৰক্ষীয়ে কিছু সময়ৰ পাছতেই তেওঁক মুকলি কৰি দিছিল।

ইফালে পুত্ৰক বিচাৰি উদ্বিগ্ন হৈ পৰিছে পৰিয়ালৰ লোক। কালি শূংখল চলিহাৰ মাতৃ ৰাকাজ্যোতি চলিহাই পুত্ৰক বিচাৰি শিৱসাগৰ সদৰ থানাত এজাহাৰ দাখিল কৰে। মাতৃয়ে কয়- “কালি আবেলি ৩ বজাৰ পৰা তাৰ লগত আমাৰ কোনো যোগাযোগ হোৱা নাই।বৰবৰুৱাৰ পৰা ঘৰ অভিমুখে আহি থাকোঁতেই তাক আচক কৰা বুলি আমি গম পাইছো।ল’ৰাটো ক’ত আছে, কেনেকৈ আছে, কিয় আটক কৰিলে আমাক জনাওক।’’ 

শৃংখল চলিহাক আটক কৰাৰ পিছৰে পৰা বৰবৰুৱাৰ এলেকাত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি আৰু ছচিয়েল মিডিয়াত নেতাগৰাকীৰ মুক্তিৰ দাবী জনাইছে সংগঠনটোৰ সহস্ৰাধিক কৰ্মীৰ লগতে জনসাধাৰণে।