+

Sharad Arvind Bobde sworn in as Chief justice of India 

১৮ নৱেম্বৰ, গুৱাহাটী : আজি দেশৰ  ৪৭সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে শপত  গ্ৰহণ কৰে নৱনিৰ্বাচিত ন্যায়াধীশ শাৰদ অৰবিন্দ ববডেই। দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে  ন্যায়াধীশ গৰাকীক শপত বাক্য পাঠ  কৰায়। 

উল্লেখযোগ্য যে ববডে অযোধ্যা বিবাদক লৈ গঠিত ৫জনীয়া বিচাৰপীঠৰ অন্যতম সদস্য আছিল। প্ৰাক্তন ন্যায়াধীশ গঞ্জন গগৈৰ অৱসৰৰ ঘোষণাৰ পাছতেই  গগৈয়ে পৰৱৰ্তী ন্যায়াধীশৰ বাবে ববডেৰ নাম মনোনীত কৰে। ঐতিহাসিক অযোধ্যা ভুমি বিবাদৰ ৰায় দানৰ পাছতেই কালি আনুষ্ঠানিকভাবে অৱসৰ গ্ৰহণ কৰে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে।

উৎস : এ এন আই 

facebook twitter