Sex racket busted at Hatigaon 

05:27 AM Feb 29, 2020 | G Plus News

২৯ ফেব্ৰুৱাৰী, গুৱাহাটী : মহানগৰীত ক্ৰমাৎ বৃদ্ধি হৈছে  দেহ ব্যৱসায় চক্ৰৰ ৰমৰমীয়া বেহা। পুৱতি নিশা হাতীগাৱঁৰ ঘোৰামৰাৰ প্ৰাগজ্যোতিষ হাউছিঙত হাতীগাওঁ আৰক্ষীয়ে অভিযান চলাই এক দেহ ব্যৱসায় চক্ৰ উৎখাত কৰে।আৰক্ষীয়ে এই  অভিযানত পাচঁ যুৱকৰ সৈতে এগৰাকী যুৱতীক আটক কৰে।


L-28 ফ্লেটত দীৰ্ঘদিনৰ পৰা সন্দেহ জনক যুৱক যুৱতী,মহিলাৰ আহযাহ চলিছিল। 
আনদিনাৰ দৰে শুকুৰবাৰে নিশাও এদল যুৱকে সুৰাপান কৰি পৰিৱেশ অনিষ্ট কৰি থকাত অতিষ্ঠ হৈ স্থানীয় লোকে আৰক্ষীক খবৰ দিছিল ।

হাতীগাওঁ আৰক্ষীৰ এটা দলে পুৱতি নিশা প্ৰায় ৪ বজাত অভিযান চলাই উক্ত ফ্লেটটোত যুৱকৰ দলটোক  সুৰাপান কৰি থকা অৱস্থাত  হাতে লোটে আটক কৰে। আৰক্ষীয়ে যুৱতী গৰকীকো আটক কৰাৰ লগতে বিচনাত গৰ্ভনিৰোধক সামগ্ৰীৰ লগতে সুৰাৰ বটল আদি উদ্ধাৰ কৰি থানালৈ লৈ যায়।

উল্লেখ্য যে অসীম কুমাৰ বৰা নামৰ ব্যক্তি জনৰ নামত ফ্লেটটো আছে যদিও গৰাকী নথকাত একাংশ সন্দেহ জনক লোকৰ আহযাহ চলাৰ অভিযোগ উত্থাপিত হৈ আহিছিল।