SC Issues Notices To Assam In Sharjeel Imam's plea For Consolidation of FIRs

10:30 AM May 26, 2020 | জি প্লাছ নিউজডেস্ক

২৬ মে’, গুৱাহাটী - বিতৰ্কিত ছাত্ৰ নেতা শ্বাৰ্জিল ইমাম সম্বন্ধীয় সকলো এজাহাৰ একত্ৰিতকৰণৰ বাবে অসমলৈ জাননী জাৰি কৰিছে উচ্চতম ন্যায়ালয়ে। উচ্চতম ন্যায়ালয়ে আজি অসমৰ লগতে দেশৰ আন তিনিখন ৰাজ্যলৈও জাননী জাৰি কৰিছে। এটা একক এজেন্সীৰ দ্বাৰা শ্বাৰ্জিল ইমাম সংক্ৰান্তীয় গোচৰৰ তদন্ত কৰাত সহজ হ’বৰ বাবেই এই পদক্ষেপ গ্ৰহণ কৰিছে উচ্চতম ন্যায়ালয়ে। 

ন্যায়াধীশ অশোক ভূষণ, সঞ্জয় কিষাণ কৌল আৰু এম আৰ শ্বাহৰ বিচাৰপীঠে অসমৰ উপৰিও উত্তৰ প্ৰদেশ, মণিপুৰ আৰু অৰুণাচল প্ৰদেশলৈ এই জাননী জাৰি কৰিছে। 

জ্যেষ্ঠ অধিবক্তা সিদ্ধাৰ্থ দাৱেই আজি ইমামৰ হৈ যুক্তি প্ৰদৰ্শন কৰি অলপতে অৰ্ণৱ গোস্বামীৰ বিৰুদ্ধে দেশৰ বিভিন্ন প্ৰান্তত দাখিল কৰা এজাহাৰবোৰৰ একত্ৰীকৰণৰ দিশটো উল্লেখ কৰে। 

ইফালে ছ’লিচিটৰ জেলেৰেল তুষাৰ মেহতাই ইয়াক লৈ মন্তব্য কৰে যে গোস্বামী আৰু ইমামৰ দুয়োটা ঘটনাই সম্পূৰ্ণ পৃথক। ইয়াৰ উপৰিও তুষাৰ মেহতাই কয় যে ইমাম সম্পৰ্কীয় গোচৰৰ এক প্ৰতিবেদন সাজু কৰা হৈছে আৰু কাইলৈ সেয়া দাখিল কৰা হ’ব। 

উল্লেখ্য যে ১ মে’ত উচ্চতম ন্যায়ালয়ে এই সংক্ৰান্তত আন এক জাননী জাৰি কৰিছিল আৰু এই সন্দৰ্ভত দিল্লী আৰক্ষীক এক প্ৰতিবেদন যুগুত কৰিবলৈও নিৰ্দেশ দিছিল। সম্প্ৰতি ইমাম গুৱাহাটী কাৰাগাৰত বন্দী হৈ আছে।  

{{XNEQzJ3t7mkXDj6XAKuX}} 

উল্লেখ্য যে বিগত ১৫ জানুৱাৰীত নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে আলিগড় মুছলিম ইউনিভাৰ্ছিটিত প্ৰদান কৰা এক বিতৰ্কিত ভাষণৰ বাবে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ এইগৰাকী ছাত্ৰৰ বিৰুদ্ধে দেশৰ পাচখনকৈ ৰাজ্যত পাচখন এজাহাৰ দাখিল কৰা হৈছিল।