Sandesh Jhingan, Bala Devi nominated for Arjuna Award by AIFF

08:05 AM May 13, 2020 | জি প্লাছ নিউজডেস্ক

১৩ মে’, গুৱাহাটী - সর্বভাৰতীয় ফুটবল ফেডাৰেশ্যন চমুকৈ এ আই এফ এফে ৰাষ্ট্রীয় দলৰ চেণ্ট্রেল ডিফেণ্ডাৰ সন্দেশ ঝিংগানৰ লগতে মহিলা দলটোৰ ষ্ট্রাইকাৰ এন বালা দেৱীৰ নাম অর্জুন বঁটাৰ বাবে মনোনীত কৰিছে৷ শেহতীয়াকৈ দাঙি ধৰা ধাৰাবাহিক প্রদর্শনৰ বাবেই তেওঁলোকৰ নাম এ আই এফ এফৰ বাছনিত উঠে৷ ক্রীড়া মন্ত্রালয়ৰ নির্দেশনা অনুসৰি এ আই এফ এফে প্ৰস্তুত কৰিছে এই বছৰৰ ক্রীড়া বঁটাৰ তালিকা। 

সর্বভাৰতীয় ফুটবল ফেডাৰেশ্যনৰ সাধাৰণ সম্পাদক কুশল দাসে কালি কয় যে শেহতীয়াকৈ লাভ কৰা ঈর্ষণীয় সফলতা আৰু ধাৰাবাহিক প্রদর্শনৰ বাবেই দুয়োগৰাকী খেলুৱৈৰ নাম সন্মানীয় অর্জুন বঁটালৈ মনোনীত কৰা হৈছে৷ উল্লেখ্য যে ছিকিম ইউনাইটেডৰ যোগেদি কেৰিয়াৰ আৰম্ভ কৰা সন্দেশে বাইচুং ভূটীয়া আৰু ৰেনেডী সিঙৰ দৰে খেলুৱৈৰ সৈতেও খেলিবলৈ সুযোগ পাইছিল। 
{{z2ybx51CLw9jgyRH6Sjc}}

ইফালে ২০১৫ চনত ফিফা বিশ্বকাপ কোৱালিফায়িঙৰ খেলত ৰাষ্ট্ৰীয় দলৰ হৈ অভিষেক ঘটাইছিল সম্প্ৰতি আই এছ এলৰ কেৰালা ব্লাষ্টার্ছৰ খেলুৱৈ জিংগানে। জিংগানৰ পাছতে ভাৰতীয় ফুটবলত যথেষ্ট চর্চিত নামটো হৈছে বালা দেৱী৷

এই বছৰৰ আৰম্ভণিতে ৩০ বছৰীয়া মণিপুৰী ফুটবলাৰগৰাকীয়ে স্কটিছ মহিলা প্রিমিয়াৰ লীগৰ দল ৰেঞ্জার্ছ এফ চিৰে ১৮ মহীয়া চুক্তিত আবদ্ধ হৈ ইতিহাস ৰচনা কৰে৷ দেশৰ বাহিৰত প্রফেশ্যনেল ফুটবলত অংশ লোৱা প্রথমগৰাকী ভাৰতীয় মহিলা খেলুৱৈ হিচাপে পৰিগণিত হৈছে বালা দেৱী৷