+

Road accident in Doboka, 1 dead

৩ জানুৱাৰী, গুৱাহাটী : ডবকাৰ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। নগাঁৱৰ পৰা কাৰ্বি আংলং অভিমুখে গৈ থকা দ্ৰুতবেগী বাইক এখনে নিয়ন্ত্ৰণ হেৰুৱাই আৰক্ষীয়ে তালাচীৰ কাৰণে থৈ দিয়া বেৰিকেটত খুন্দিয়াই দিয়ে। 

ফলত বাইক আৰোহী দুজনৰ এজন থিতাতে নিহত হয় আৰু আনগৰাকী আৰোহী আহত হয়।  আহত গৰাকীক ধৰমজিৎ বুলি চিনাক্ত কৰিছে।  হতাহাত আৰোহী দুগৰাকীৰ ঘৰ কাৰ্বি আংলঙৰ লাংহিনত বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।  

আহত গৰাকীক স্থানীয় হাস্পতালত ভৰ্তি কৰাই। আনহাতে নিহত গৰাকীৰ পৰিচয় এতিয়াও চিনাক্ত কৰিব পৰা নাই। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।  

facebook twitter